আজি গুৱাহাটীস্থিত মাৰোৱাৰী হস্পিতালত বিশেষভাৱে নৱবৰ্ষ উদযাপন কৰে।এই উপলক্ষে হস্পিতালৰখনৰ তত্বাৱধায়কৰ দলে প্ৰত্যেকজন ৰোগীলৈ ইনডোৰ প্লান্টচ্ উপহাৰ হিচাপে যাঁচি ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰে।তাৰোপৰি যোৱা এসপ্তাহ ধৰি হস্পিতালখনৰ কৰ্তৃপক্ষই লগলাগি সক্ৰিয়ভাৱে চাফাই অভিযান চলাই আহিছে। পৰিচ্ছন্নতা দিৱস উপলক্ষে সঞ্চালক ৰোহিত উপাধ্যায়ে কয় যে এইটো এটা ভাল পদক্ষেপ।ইয়াৰ দ্বাৰা পৰিবেশ আৰু কৰ্মক্ষেত্ৰ পৰিস্কাৰ হৈ থকাৰ লগতে স্বাস্থ্যকৰ হ’ব।লগতে তেওঁ হস্পিতালৰ কৰ্মকৰ্তাসকলৰ এই প্ৰচেষ্টাক শলাগ লয়।আৰু ৰোগীসকলে তত্বাবধায়কৰ দলটো লগ পাই সুখী হোৱাৰ কথাও প্ৰকাশ কৰে।ইয়াৰ উপৰিও হস্পিতালখনৰ সাধাৰণ সম্পাদক আৰ এছ যোশীয়ে হস্পিতালখনৰ সকলো কৰ্মকৰ্তালৈ নতুন বছৰৰ শুভেচ্ছা জনায়।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী