মাৰোৱাৰী হস্পিতালে বিশেষভাৱে নৱবৰ্ষ উদযাপন কৰিলে

0 236

আজি গুৱাহাটীস্থিত মাৰোৱাৰী হস্পিতালত বিশেষভাৱে নৱবৰ্ষ উদযাপন কৰে।এই উপলক্ষে হস্পিতালৰখনৰ তত্বাৱধায়কৰ দলে প্ৰত্যেকজন ৰোগীলৈ ইনডোৰ প্লান্টচ্ উপহাৰ হিচাপে যাঁচি ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰে।তাৰোপৰি যোৱা এসপ্তাহ ধৰি হস্পিতালখনৰ কৰ্তৃপক্ষই লগলাগি সক্ৰিয়ভাৱে চাফাই অভিযান চলাই আহিছে। পৰিচ্ছন্নতা দিৱস উপলক্ষে সঞ্চালক ৰোহিত উপাধ্যায়ে কয় যে এইটো এটা ভাল পদক্ষেপ।ইয়াৰ দ্বাৰা পৰিবেশ আৰু কৰ্মক্ষেত্ৰ পৰিস্কাৰ হৈ থকাৰ লগতে স্বাস্থ্যকৰ হ’ব।লগতে তেওঁ হস্পিতালৰ কৰ্মকৰ্তাসকলৰ এই প্ৰচেষ্টাক শলাগ লয়।আৰু ৰোগীসকলে তত্বাবধায়কৰ দলটো লগ পাই সুখী হোৱাৰ কথাও প্ৰকাশ কৰে।ইয়াৰ উপৰিও হস্পিতালখনৰ সাধাৰণ সম্পাদক আৰ এছ যোশীয়ে হস্পিতালখনৰ সকলো কৰ্মকৰ্তালৈ নতুন বছৰৰ শুভেচ্ছা জনায়।

Leave A Reply

Your email address will not be published.