কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আজি ৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত মিৰ্জা ছোৱালী হাইস্কুল আদৰ্শ ভোট কেন্দ্ৰত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশ গ্ৰহন কাৰ্যক্ৰমনিকা, চমুকৈ এছ.ভি.ই.ই.পিৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হয়। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সৱল আৰু শক্তিশালী কৰাত প্ৰতিগৰাকী নাগৰিকৰে অংশ গ্ৰহন নিশ্চিত কৰাৰ লক্ষ্য আগত ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি হাতত লোৱা এচ.ভি.ই.ই.পিৰ আজিৰ এই কাৰ্য্যসূচীৰ জৰিয়তে জিলা খনৰ প্ৰতিগৰাকী যোগ্য ভোটাৰক এইবেলিৰ নিৰ্বাচনত ভোটদান কৰিবলৈ সজাগ কৰা হয়। কামৰূপ নিৰ্বাচনী বিষয়া কৈলাশ কাৰ্তিক এন, পলাশবাৰী বিধান সভা সমষ্টিৰ সহকাৰী ৰেটাৰ্ণিং বিষয়া ধৃতিমান দাস, বকো বিধান সভাৰ বাবে নিযুক্ত পৰ্যবেক্ষক পৱিত্ৰ মণ্ডল, ছয়গাঁও বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক ড০ মিত্ৰ টি, পলাশবাৰী বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক দয়ানদ মিশ্ৰ, হাজো বিধান সভাৰ নিৰ্বাচনৰ বাবে নিযুক্ত পৰ্য্যবেক্ষক ড০ চন্দ্ৰশেখৰ কুমাৰ আৰু কামৰূপ নিৰ্বাচনী জিলাৰ বাবে নিযুক্ত আৰক্ষী পৰ্য্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মা উপস্থিত থকা কাৰ্য্যসূচীৰ অংশ হিচাপে শিল্পী সমাজ থিয়েটাৰ গ্ৰুপৰ দ্বাৰা এখন চুটি নাটক আৰু গীত পৰিৱেশন কৰি ভোটাৰ সকলক ভোট দান প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ বাবে সজাগ তথা আহ্বান জনোৱা হয়। ইপিনে এই কাৰ্য সূচীৰ আৰম্ভণিতে ইতিমধ্যে প্ৰাণ আহুতি দিয়া কভিড যোদ্ধা সকলৰ প্ৰতি সন্মান জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে এইবেলি মিৰ্জা ছোৱালী হাইস্কুলৰ ভোট কেন্দ্ৰটো কভিড যোদ্ধা সকলৰ স্মৃতিত অৰ্পন কৰা হৈছে। সেই অনুসৰি কেন্দ্ৰটো আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি