মিৰ্জাৰ বৰকুছিত যক্ষ্মা ৰোগীসকলক খাদ্য সামগ্ৰী বিতৰণ

0 233

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবর্ষতে যক্ষ্মা দুৰীকৰণৰ উদ্দেশ্যৰে সুহৃদয় লোকৰ পৰা সহায় বিচাৰিছিল। যক্ষ্মা ৰোগী সকলক সকলো প্ৰকাৰে সহায় আৰু প্ৰেৰণা যোগোৱাৰ বাবে জিলাই জিলাই বিভিন্ন ব্যক্তিক দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰে অংশ হিচাপে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ উপস্থিতিত পলাশবাৰী মিৰ্জা বৰকুছিস্থিত গ্ৰীণ অৰ্কিড গ্ৰপ অফ কোম্পানী নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আজি ৫০ গৰাকী যক্ষ্মা ৰোগীৰ পৰিয়ালক সহায় হাত আগবঢ়োৱা হয়। অনুষ্ঠানত গ্ৰীণ অৰ্কিডৰ মহা প্ৰবন্ধত তপন মালী, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ কলিতা, যক্ষ্মা বিশেষজ্ঞ ডা: অৰূপ জ্যোতি কলিতা, ড০ কে দাস আদিৰ উপস্থিত আগবঢ়োৱা হয় নেউটৰেচন যুক্ত খাদ্য সামগ্ৰী। উক্ত খাদ্য সামগ্ৰী আগন্তুক ৬ মাহৰ বাবে এই খাদ্য সামগ্ৰী আগবঢ়োৱা হব বুলি জানিবলৈ দিয়ে গ্ৰীণ অৰ্কিডৰ মহাপ্ৰবন্ধক মালীয়ে।
ৰোগী সকলোৰ আত্মীয়ক খাদ্য সামগ্রী বিতৰণ কৰাৰ আগমুহুৰ্তত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আচনিৰ জৰিয়তে অসমৰ কামৰূপ জিলাৰ প্ৰায় ৮৫০ গৰাকী ৰোগীক কোনো সূহৃদয়বান লোক অনুষ্ঠান প্ৰতিষ্ঠানে সেৱা কৰিব পাৰে বুলি কোৱাৰ লগতে গ্ৰীণ অৰ্কিড গ্ৰপ অফ কোম্পানীৰ এনে আদৰণীয় পদক্ষেপক ধন্যবাদ জনায়। আনহাতে গ্ৰীণ অৰ্কিডৰ মহাপ্ৰবন্ধক তপন মালীয়ে পৰবৰ্তী সময়ত অথিকভাৱে দুৰ্বল ৰোগীৰ দায়িত্ব লোৱাৰ ব্যবস্থা গ্রহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.