মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকল্প হিচাপে ঘোষিত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত বৰ্ষৰ জুন মাহত ৩,১৯৬.২০ কোটি টকা অনুমোদিত ধনৰে মুঠ ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শুৱালকুচি আৰু পলাশবাৰীৰ মাজত চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । প্ৰতিকূল বতৰৰ মাজতো নদীৰ প্ৰত্যাহ্বান নেওচিও বিগত প্ৰায় এটা বৰ্ষত দলংখনৰ ১০ শতাংশতকৈ কিছু অধিক নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে। উল্লেখ্য যে ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং প্ৰকল্পটোৰ পানীৰ ওপৰত থাকিবলগীয়া অংশখিনীৰ দৈৰ্ঘ্য হব ৩.৬ কিলোমিটাৰ । তাৰোপৰি উত্তৰফালে শুৱালকুছিৰ দিশত দলং সংযোগী পথচোৱাৰ দৈৰ্ঘ্য হব ১.৯২৭ কিলোমিটাৰ আৰু দক্ষিণফালে পথচোৱাৰ দৈৰ্ঘ্য হব ৫.৩৮৭ কিলোমিটাৰ । অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প ( Externally Added Project ) বা চমুকৈ ই এ পিৰ অধীনত নিৰ্মাণ হৈ থকা প্ৰকল্পটোৰ বাবে ধন আগবঢ়াইছে নিউ ডেভেলপমেণ্ট বেংকে ( এন ডি এছ ) । দলংসহ সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পথ, দলং, সুৰংগ আদিৰ নিৰ্মাণত বিশেষ সুনাম থকা লাৰ্ছেন এণ্ড টাৰ্বো কনষ্ট্ৰাকচন চমুকৈ এল এণ্ড টি নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে । ২০২৮ চনৰ জুন মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পুৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা প্রকল্পটোৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হৈ উঠিল যাতায়াতৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ মাজত যাতায়াতৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অহাটো নিশ্চিত। আনহাতে দলংসহ ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাত যাতে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ গতিবেগত যান- বাহন চলাচল কৰিব পাৰে তেনেকৈ পথচোৱা নিৰ্মাণ কৰা হব বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিৰ সূত্ৰই সদৰি কৰিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্ধাৰিত সময়ৰ ভিতৰতে যাতে দলংখনৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হয় তাৰ বাবে সময়ে সময়ে দায়িত্ববাহী অভিযন্তাক নিৰ্দেশ দি আহিছে বুলিও জানিব পৰা গৈছে । অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি ই এ পিৰ ব্ৰহ্মপুত্ৰ সংমণ্ডলৰ অভিযন্তা সকলে বিভাগীয় নিৰ্দেশনা অনুসৰি দিনে – নিশাই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ তদাৰক কৰি আছে । দলংখনত মুঠ ৩২ টা খুটা থাকিব আৰু ইয়াৰে পানীৰ অংশত থাকিবলগীয়া খুটাৰ সংখ্যা হল ২৫ টা ।
সমান্তৰালভাবে সমগ্ৰ প্রকল্পটোত ৪০০ ৰ পৰা ৫০০ জন শ্ৰমিক দিনে – নিশাই কামত নিয়োজিত হৈ আছে। আনহাতে দলংখনৰ দক্ষিণপাৰৰ ৫,৩৮৭ কিলোমিটাৰ অংশখিনী বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বৰকুছিত থকা বাবা ৰামদেৱৰ পতঞ্জলি ৱেলনেছ চেন্টাৰৰ সমীপত আহি মিৰ্জা হৈ গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিব। সেই অংশখিনী হাইস্পীড কৰিডৰ হিচাপে পৰিচিত হব। তাত পথচোৱাত চাইকেল আৰোহীৰ চাইকেল চালনা আৰু খোজকাঢ়ি অহা যোৱা কৰা পথাচাৰীৰ বাবে সুকীয়াকৈ এটা ট্ৰেক নিৰ্মাণ কৰা হব । একেদৰে দক্ষিণপাৰত যাতায়াতৰ সুবিধাৰ বাবে তিনিখন ভেভিকল আণ্ডাৰ ব্ৰীজ ( ভি অ পি) থাকিব। যাতে সকলো যান-বাহন কোনো ধৰণৰ বাধা অবিহনে চলাচল কৰিব পাৰে। প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ পৰা যাতায়ত ব্যৱস্থা ক্ষিপ্ৰতৰ হব । জানিব পৰা মতে প্ৰকল্পটোৰ ভূমি অধিগ্ৰহণৰ কামখিনী সম্পুৰ্ণ হৈছে । দক্ষিণপাৰত যিখিনী অংশৰে পথছোৱা নিৰ্মাণ কৰা হব তাৰ বেছিভাগেই বহু বছৰ ধৰি কোনো ধৰণৰ কৃষি বা খেতি নোহোৱা মাটি । যাৰ বাবে পথচোৱা নিৰ্মাণ হলে যাতায়তৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন অহাৰ লগতে বিকল্প জীৱিকা নিৰ্বাহৰ পথ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজে পথ নিৰ্মাণৰ ঘোষণাক আদৰণি জনাইছে । আনকি দক্ষিণপাৰত দল – মত নির্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে শুৱালকুচি – পলাশবাৰী দলং নিৰ্মাণৰ বাব গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে । তাৎপৰ্যপূৰ্ণ ভাবে ৰাইজে কোনো ধৰণৰ দাবী নকৰাকৈ এটা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্তক ৰাইজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ এক মহান উপহাৰ বুলিয়ে গণ্য কৰিছে ।