মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাত্ৰীৰ বাবে মুকলি কৰিলে গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল

0 58

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (এলজিবিআইএ) নতুন টাৰ্মিনেলটোত আজি সন্ধিয়াৰ পৰা বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হৈছে। ইয়াৰ ফলত বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি পাইছে ।অৱশ্যে অহা এপ্ৰিল মাহৰ পৰাহে নতুন টাৰ্মিনেলটো সম্পূৰ্ণ কাৰ্যক্ষম হব। পূৰ্ণ পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ পূৰ্বে নতুন টাৰ্মিনেলত চেক-ইন,বেগ হেণ্ডলিং,নিৰাপত্তা আৰু এয়াৰক্ৰাফ্ট টাৰ্ণ এৰাউণ্ড আদিৰ লাইভ ট্ৰায়েল কৰা হৈছে। ২০২৫ চনৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেলটো শুভ উদ্বোধন কৰিছিল। আজি সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান বন্দৰ পৰিচালনাকাৰী প্ৰতিষ্ঠান আদানী এয়াৰপ’ৰ্ট হ’ল্ডিংছ লিমিটেডৰ (এএএইচ্চএল) সঞ্চালক জিৎ আদানীৰ উপস্থিতিত নৱনিৰ্মিত টাৰ্মিনেলৰ বাণিজ্যিক কাৰ্যকলাপৰ শুভাৰম্ভ কৰে।প্ৰথমগৰাকী যাত্ৰীক আনুষ্ঠানিক ব’ৰ্ডিং পাছ প্ৰদান আৰু মুম্বাইৰ পৰা অহা আকাশা এয়াৰৰ এখন বিমান নতুন টাৰ্মিনেলটোত অৱতৰণ কৰাৰ জৰিয়তে এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়।উদ্ধোধনী অনুষ্ঠানত আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সমান্তৰালকৈ অঞ্চলটোৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অনুষ্ঠানত শিল্পী সমাজ,চাহ বাগানৰ শ্ৰমিক,ফ্ৰণ্টলাইন কৰ্মচাৰী আৰু কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চিআইএছএফ) জোৱানসকলে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা বছৰ এডভান্টেজ আছাম ২.০ৰ সময়ত দিয়া ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে মই গৌতম আদানীক কৃতজ্ঞতা জনাইছোঁ আৰু আমি তেওঁৰ ওচৰত কৃতজ্ঞ। মোৰ বিশ্বাস এই নতুন টাৰ্মিনেলটোৱে সম্পূৰ্ণৰূপে কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে অসমৰ পৰ্যটন উদ্যোগলৈ জোৱাৰ আনিব আৰু এয়া অসমৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব। এই নতুন বিমানবন্দৰ টাৰ্মিনেলটো নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ সংস্কৃতিক যিধৰণে সন্মান জনোৱা হৈছে, তাৰ বাবে এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱান্বিত। অনুষ্ঠানত উপস্থিত থকা জিৎ আদানীয়ে কয় যে এই সম্প্ৰসাৰণে অঞ্চলটোৰ ক্ৰমবৰ্ধমান চাহিদা আৰু দীৰ্ঘম্যাদী বিকাশৰ ধাৰা প্ৰতিফলিত কৰিছে। আজিৰ এই দিনটোৰ সাফল্য কেৱল মাত্ৰ এটা বাণিজ্যিক সাফল্য নহয়। এয়া অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে এক গৌৰৱৰ ক্ষণ।এই সাফল্য প্ৰধানমন্ত্ৰীৰ ভৱিষ্যত-উপযোগী আন্তঃগাঁথনিৰ দৃষ্টিভংগী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমক উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক চালিকাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পৰেই এক বাস্তৱ প্ৰতিফলন। উল্লেখ্য যে
যোৱা এটা দশকত ধাৰাবাহিক যাতায়ত সম্প্ৰসাৰণৰ জৰিয়তে গুৱাহাটী ভাৰতৰ দ্ৰুততম গতিত বৃদ্ধি পোৱা নন-মেট্ৰ’ বিমানবন্দৰসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। শেহতীয়া বছৰবোৰত যাত্ৰীৰ সংখ্যা ৯ নিযুতৰ সীমা অতিক্ৰম কৰাৰ লগে লগে যাত্ৰীৰ পৰিমাণৰ দিশৰ পৰা এই বিমানবন্দৰটোৱে দেশৰ শীৰ্ষ ১০ টাৰ পৰা ১২ টা ব্যস্ততম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে। ১৩.১ নিযুতলৈ বৃদ্ধি পোৱা এই ধাৰণ ক্ষমতাই নতুন বিমান পথ সংযোগ, বিমানৰ সঘন চলাচল আৰু আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এক অতিৰিক্ত সুযোগ প্ৰদান কৰিছে। বৰ্তমান এই বিমানবন্দৰটোৱে বেংকক, পাৰো আৰু চিংগাপুৰকে ৩ টা আন্তঃৰাষ্ট্ৰীয় আৰু ২১ টা ঘৰুৱা গন্তব্যস্থান পথৰ সৈতে সংযোগ স্থাপন কৰিছে । দৈনিক ১৩০ টাতকৈও অধিক বিমানৰ উৰণ আৰু অৱতৰণ (এটিএম) পৰিচালনা কৰি আছে। বিমানবন্দৰটোৰ অতিৰিক্ত ধাৰণ ক্ষমতাই উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা এক আঞ্চলিক কেন্দ্ৰ হিচাপে গুৱাহাটীৰ ভূমিকাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। খুচুৰা দোকান আৰু খাদ্য সেৱাসমূহ পৰ্যায়ক্ৰমে মুকলি কৰা হৈছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় স্থাপত্যবিদ নুৰু কৰিমে ডিজাইন কৰা এই টাৰ্মিনেলটো অসমৰ কপৌ ফুলেৰে সজ্জিত কৰি ইয়াত ১৪০ মেট্ৰিক টনতকৈও অধিক বাঁহ ব্যৱহাৰ কৰা হৈছে। অসমৰ ভলুকা বাঁহৰ হস্তশিল্প আৰু অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতিৰ বাঁহ-ভিত্তিক নিৰ্মাণ পৰম্পৰাৰ স্থাপত্যশৈলীয়ে উত্তৰ-পূবৰ বিশাল সাংস্কৃতিক পৰিচয়ক প্ৰতিফলিত কৰিছে । একে সময়তে এম্পিথিয়েটাৰ শৈলীৰ এৰাইভেল ফ’ৰক’ৰ্টে’যাত্ৰীসকলক আঞ্চলিক কলা আৰু প্ৰদৰ্শনমূলক পৰম্পৰাৰ সৈতে চিনাকি কৰি দিয়ে।আঞ্চলিক পৰিচয়ক সমসাময়িক আন্তঃগাঁথনিৰ সৈতে একত্ৰিত কৰাৰ বাবে এই ডিজাইনটোৱে আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা ২০২৫ লাভ কৰিছে। আদানী এয়াৰপ’ৰ্ট হ’ল্ডিংছ লিমিটেডৰ (এএএইচ্চএল) সহযোগী প্ৰতিষ্ঠান ‘গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট লিমিটেডে (জিআইএএল) বিমানবন্দৰটোৰ কাৰ্যকলাপ পৰিচালনা কৰে।বৰ্তমান এ এ এইচ এলে তিৰুৱনন্তপুৰম, মুম্বাই, নবী মুম্বাই, লক্ষ্ণৌ, জয়পুৰ, আহমেদাবাদ আৰু মাংগালুৰু বিমানবন্দৰো পৰিচালনা কৰি আহিছে।

Leave A Reply

Your email address will not be published.