আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ এটি শীৰ্ষ নেতৃত্বই অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন, নিবনুৱা সমস্যা আৰু অসমৰ জাতীয় জীৱনৰ অনান্য সমস্যা সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাক সাক্ষাত কৰি ওঠৰ দফীয়া এক স্মাৰক পত্ৰ প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰাই অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰি আহিছে ।ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা অসমলৈ হোৱা বিদেশী আৰু বহিঃৰাজ্যৰ পৰা হোৱা অবিৰত আৰু অবাধ প্ৰবজনে ইতিমধ্যে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্ব-ভূমিত সংখালঘুত পৰিণত কৰাৰ উপক্ৰম কৰিছে ।সাম্প্ৰতিক প্ৰেক্ষাপটত আন্তঃৰাজ্যিক পাৰ-পত্ৰ পত্ৰ যে অতি যুক্তিযুক্ত আৰু নায্য দাবী সেয়া প্ৰতিপন্ন হৈছে । সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন কৰাৰ লগতে অসমৰ শেহতীয়া সমস্যা কিছু সমাধানৰ দাবীত আজি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ।পৰিষদে প্ৰদান কৰা স্মাৰক পত্ৰৰ দাবী সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষা নিতীৰ আধাৰত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত মাতৃভাষাত শিক্ষাদান কৰা, অসম অৰুণাচল সীমা বিবাদ অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি নিষ্পত্তি কৰা, নিৰ্মীয়মান ফৰলেন সমুহ ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰা, ফৰলেন নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত টোল কৰ বন্ধ ৰখা, অসম চুক্তিৰ ছয় নং দফা কাৰ্য্যকৰী কৰা, মাজুলী যোৰহাট সংযোগী দলঙকে ধৰি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান সকলো দলঙৰ নিৰ্মাণৰ কাম নিৰ্দিষ্ট সময়ত নিৰ্মাণ কৰা আদিয়ে প্ৰধান ।তেনেদৰ অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এখনি বাৰ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰদান কৰে । এই স্মাৰক পত্ৰত পৰিষদৰ তৰফৰ পৰা নিবনুৱা সমস্যা সমাধানৰ বিভিন্ন পন্থাৰ বিষয়ে উল্লেখ কৰি এক বাৰ দফীয়া দাবী প্ৰদান কৰা হয় । উল্লেখযোগ্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু মুখ্য উপদেষ্টা কমল ভৰালীৰ নেতৃত্বত এটি সজাতি দলে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি