সিদ্ধিদাতা ক্লাৱৰ উদ্যোগত জামুগুৰিহাটত তিনি দিনীয়াকৈ গণেশ চতুৰ্থী পূজা আয়োজন

0 182

আজি গণেশ চতুৰ্থী।গণেশ চতুৰ্থীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো চলিছে ব্যাপক প্ৰস্তুতি।জামুগুৰিহাটৰ অন্যতম অনুষ্ঠান সিদ্ধিদাতা ক্লাৱৰ সৌজন্যত জামুগুৰিহাটৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থলত বিগত বৰ্ষসমুহৰ দৰেই এইবেলিও পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাভাগ তিনি দিনীয়াকৈ আয়োজন কৰিছে৷গণেশ চতুৰ্থী পূজা উপলক্ষে জামুগুৰিহাটৰ পূজাথলিলৈ পূৱাৰপৰাই অসংখ্য ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷ইফালে বিভিন্ন প্ৰান্তৰপৰা চাকি বন্তি শৰাই শলিতা দিবলৈ অহা ভক্তসকলক প্ৰসাদ,ভোগ,জল,মিঠাই,লাড়ু আদিৰে আপ্যায়ণ কৰিছে সিদ্ধিদাতা ক্লাৱৰ সদস্যসকলে৷শ্ৰী শ্ৰী গণেশ পূজাৰ থলীত বজোৱা ধাকৰ শব্দই সকলোৰে মন শাৰদীয় কৰি তোলাৰ লগতে শাৰদীয় বতৰৰ বতৰাও কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷

বাতৰি যু‌গুতালে জামুগুৰিহাটৰ পৰাঃৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.