ড্ৰাগছ আসক্তিৰ ভয়াৱহতাৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মক বচাবলৈ আমাৰ বহুতো কৰণীয় আছে: মন্ত্ৰী হাজৰীকা

0 169

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ইণ্টাৰনেচনেল অভাৰডোজ এৱেৰনেছ ডে’ উপলক্ষে ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু প্ৰতিৰোধ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সজাগতামূলক সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে । ড্ৰাগছৰ আসক্তিত পৰি মৃত্যুমূখত পৰা ব্যক্তিসকলৰ পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰা আৰু ড্ৰাগছৰ আসক্তিত পৰা ব্যক্তিসকলক ড্ৰাগছৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সজাগতামূলক পৰিৱেশৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে ২০০১ চনৰ পৰা পালন কৰি অহা ইণ্টাৰনেচনেল অভাৰডোজ এৱেৰনেছ ডে’ৰ অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে নিজৰ বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে ড্ৰাগছৰ কবলত পৰা ব্যক্তিসকল সমাজত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়, ড্ৰাগছ আসক্তৰ মৃত্যু হোৱাৰ ফলত এখন ঘৰলৈ কলীয়া ডাৱৰ নামি আহিব পাৰে । উপলব্ধ চৰকাৰী হিচাপ মতে ২০১৭ চনৰ পৰা ২০১৯ চনলৈ আমাৰ দেশত প্ৰায় ২৩০০ গৰাকী ব্যক্তি ড্ৰাগছৰ অভাৰডোজৰ বাবে মৃত্যু হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ ভিতৰত আটাইতকৈ ভয়ংকৰ কথাটো হৈছে ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৭০ জন শিশু মৃত্যু হোৱা কথাটো ই এক ভয়াৱহ পৰিস্থিতিৰ ইংগিত দিয়ে বুলি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয় যে পিতৃ মাতৃৰ বাবে নিজৰ সন্তানক চকুৰ আগত ড্ৰাগছৰ আসক্তিৰ ফলত মৃত্যু হোৱা দেখা পোৱাতকৈ অসহনীয় কথা আৰু একো হ’ব নোৱাৰে । পৰিয়ালৰ সদস্যসকলৰ মাজত ড্ৰাগছৰ আসক্তি বৃদ্ধি হোৱাৰ ফলত ঘৰখনত বিভিন্ন সমস্যাৰ সৃষ্টি হয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অবৈধ ড্ৰাগছ আৰু ড্ৰাগছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি আহিছে। চৰকাৰে অবৈধ ড্ৰাগছৰ ক্ষেত্ৰত সদায়ে কঠোৰ ভূমিকা গ্ৰহণ কৰি থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যত প্ৰজন্মক এই ড্ৰাগছৰ অভাৰডোজৰ দৰে বৰবিহৰ পৰা ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকেই সজাগ হ’ব লাগিব ।

আনহাতে ৰাজ্যখনত ড্ৰাগছত আসক্ত সকলৰ বাবে থকা ৰিহেবিলিটেচ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে শীঘ্ৰে কিছু নীতি প্ৰস্তুত কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এনে নীতিয়ে ৰিহেবিলিটেচ্যন কেন্দ্ৰসমূহক তেঁওলোকৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈ সহযোগিতা কৰিব বুলি আশা কৰি মন্ত্ৰী হাজৰীকাই কয় যে একোটা কেন্দ্ৰত খাদ্য আৰু স্বাস্থ্যৰ সুব্যৱস্থা থকাৰ লগতে কাউঞ্চেলিঙৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা থকাটো দৰকাৰ।

ড্ৰাগছ আসক্তিৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা বহুকেইগৰাকী যুৱকক আজিৰ অনুষ্ঠানটোত অংশ লোৱা দেখা পাই মন্ত্ৰীগৰাকীয়ে তেঁওলোকৰ লগতে সকলো এনেদৰে ড্ৰাগছৰ কবলৰ ওলাই আহিবলৈ সক্ষম হোৱা ব্যক্তিক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে । সকলো মিলি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আমাৰ সমাজৰ একাংশ ব্যক্তিক আঁতৰাই ৰাখিবলৈ সক্ষম হ’ব পৰা যাব বুলি মন্ত্ৰী হাজৰীকাই আশা ব্যক্ত কৰে |

আজিৰ অনুস্থানত নাৰ্ক’টিক নিয়ন্ত্ৰণ ব্য়ুৰুৰ সঞ্চালক ৰাকেশ চন্দ্ৰ শুক্লায়েও বক্তব্য ৰাখি ড্ৰাগছৰ অভাৰডোজৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰে । আনহাতে ড্ৰাগছৰ আসক্তিৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা এজন যুৱকে আজিৰ সভাত বক্তব্য ৰাখি ড্ৰাগছৰ কবলৰ পৰা ওলাই আহিব বিচৰা সকলো ব্যক্তিৰ বাবে বৰ্তমানৰ চৰকাৰখনে বন্ধুত্বমূলক আৰু সহজ পৰিৱেশ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে | অনুষ্ঠানত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু প্ৰতিৰোধ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোঁহাই, অসম ৰাজ্যিক অনুসূচীত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক, বিষয়া তথা বহুকেইখন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.