নেতাজী সুভাষ চন্দ্ৰ বসু , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , অসমৰ দৌৰবিদ হিমা দাসো আছিল এন চি চি কেডেট ; উত্তৰ পূবত এন চি চি কেডেটৰ সংখ্যা ৮৮ হাজাৰলৈ বৃদ্ধি -মেজৰ জেনেৰেল ভাস্কৰ কলিতা

0 196

বৃটিছ চৰকাৰে ১৯১৭ চনত কলকাতাক মূল আধাৰ হিচাপে লৈ গঠন কৰিছিল ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী বা চমুকৈ এন চি চি ।দেশৰ অন্যতম শৃংখলিত যুৱ বাহিনী হিচাপে পৰিগণিত হৈ অহা এন চি চিত কলকাতা বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ২৫০.জন ছাত্ৰক কেডেট হিচাপে ভৰ্ত্তি কৰোৱা হৈছিল । প্ৰথম বেটছৰ প্ৰথমজন এন চি চি কেডেট আছিল দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম কাণ্ডাৰী , আই এন এৰ প্ৰতিষ্ঠাপক নেতাজী সুভাষ চন্দ্ৰ বসু । এই মন্তব্য ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাথী বাহিনীৰ ( এন চি চি ) শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ মুৰব্বী তথা অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা এ ডি জি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা , ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদবীত অধিস্থিত , অসম সন্তান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই সদৰি কৰিছে এই তথ্য । জেনেৰেল কলিতাই কয় বিগত ২০২০ বৰ্ষত নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আৰু উপকুলীয় অঞ্চলৰ ৰাজ্যত থকা শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক এন চি চি ত কেডেট হিচাপে ভৰ্ত্তি কৰি তেওঁলোকৰ মাজত দেশপ্ৰেমমূলক ভাৱনা আৰু পৰৱৰ্তী সময়ত তেওঁলোক যাতে দেশৰ সহস্ৰ বাহিনী , অৰ্দ্ধ সামৰিক বাহিনীত যোগদান কৰি দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু গুৰুত্বৰ পাছতেই এন চি চি ৰ নতুন দিল্লীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ ১৭ টা মণ্ডল সঞ্চালকায়ৰ ভিতৰত যিকেইটাত আন্তঃৰাষ্ট্ৰীয় আৰু উপকূলীয় অঞ্চলে আৱৰি আছে তেওঁলোকক কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰিবলৈ ২০২০ বৰ্ষৰ আগষ্ট মাহত নিৰ্দেশনা প্ৰেৰণ কৰে । সেই নিৰ্দেশনাৰ ভিত্তিত শ্বিলঙৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ে ২০২০ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তই আৱৰি থকা অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনত এন চি চি ৰ কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰে । অৰুণাচলকে ধৰি আটাইকেইখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২০ কিঃমিঃ ভিতৰত প্ৰায় ২২০ খন নির্বাচিত শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ১৬,৩২৪ জন ছাত্ৰ-ছাত্ৰীক এন চি চি ত কেডেট হিচাপে ভৰ্ত্তি কৰা হৈছে । ইয়াৰ ভিতৰত ৭৬ খন মহাবিদ্যালয় আৰু ১৪৪ খন হাইস্কুল বা উচ্চ মাধ্যমিক বিদ্যালয় আছে । এন চি চিৰ মূল লক্ষ্যই হৈছে কেডেট সকলে একো একোজন সু নাগৰিক হৈ পৰবৰ্তী সময়ত সহস্ৰ বাহিনী , অৰ্দ্ধ সামৰিক বাহিনী বা ৰাজ্যিক আৰক্ষী বাহিনীত নিজৰ যোগ্যতা অনুসৰি ভৰ্ত্তি হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে । এন চি চি কেডেটৰ যিসকলে “চি” চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বাহিনীত নিযুক্তিৰ বাবে সুবিধা প্ৰদান কৰিছে । আনহাতে ৰাজ্য চৰকাৰেও যাতে ৰাজ্যিক আৰক্ষী বাহিনীত চি চাৰ্টিফিকেট ডিগ্ৰীধাৰী সকলক বিশেষ সুবিধা প্ৰদান কৰে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনৰ কেবাজনো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অনুৰোধ জনোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভৰ্ত্তি হোৱা কেডেটকে ধৰি উত্তৰ পূবৰ সাতখন ৰাজ্যত বৰ্তমান এন চি চি কেডেটৰ সংখ্যা প্ৰায় ৮৮ হাজাৰলৈ বৃদ্ধি পাইছে । বৰ্তমান দেশৰ ১৭ টা মণ্ডলৰ বিপৰীতে এন চি চি কেডেটৰ সংখ্যা হল প্ৰায় ১৪.৮০ লাখ জন । ইয়াৰে ৯.৬২ লাখ জন ছাত্ৰ আৰু ৫.১৮ লাখ জন ছাত্ৰী । ৰাষ্ট্ৰীয় পৰ্যায়ত আন মণ্ডলত ৬৫ শতাংশ কেডেট ছাত্ৰ আৰু ৩৫ শতাংশ কেডেট ছাত্ৰী হোৱাৰ বিপৰীতে উত্তৰ পূব মণ্ডলত এই সংখ্যা ৫০ শতাংশ । অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান সমান । ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৪৮ চনত ২০ হাজাৰ ছাত্ৰ ছাত্ৰীক লৈ এন চি চি গঠন কৰা হৈছিল । বৰ্তমান উত্তৰ পূবৰ সাতখন ৰাজ্যৰ বিপৰীতে এন চি চিৰ ৮ টা গ্ৰুপ কমাণ্ডাৰৰ কাৰ্যালয় আছে । ইয়াৰে ৫ টাই আছে অসমত । উত্তৰ পূবৰ মুঠ কেডেটৰ প্ৰায় ৭০ শতাংশই হৈছে অসমৰ । আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত মোৰাৰজী দেশাই , কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিং , প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজকে ধৰি দেশৰ বহু বিশিষ্ট ব্যক্তি এন চি চি কেডেট আছিল । আনকি অসমত ধিং এক্সপ্ৰেছ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমা দাস নগাঁওস্থিত অষ্টম এন চি চি বেটেলিয়ানৰ কেডেট আছিল । যোৱা ১৫ আগষ্টত নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উত্তৰ পূবৰ প্ৰতিখন জিলাৰ পৰা দুজনকৈ কেডেটে ভাগ লৈছিল । ইয়াৰ ভিতৰত অসমৰ ৭০ জনকে ধৰি উত্তৰ পূবৰ ১২৪ জন কেডেটে আছিল । কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ কেডেটৰ দলটোক ভূয়সী প্ৰশংসা কৰিছিল । বিগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ আন মণ্ডলৰ লগতে উত্তৰ পূব মণ্ডলৰ কেডেট সকলেও হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰে । বৰ্তমান স্বচ্ছ ভাৰত মিছনৰ আৰ্হিত কেডেট সকলে ৰাইজৰ মাজত পৰিবেশ সচেতনতা – সংৰক্ষণৰ বাবে কৰি আছে “পুনিত সাগৰ অভিযান” শীৰ্ষক কাৰ্যসূচী । বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ – অগ্নিবীৰ আঁচনিয়ে এন চি চি কেডেট সকলক যথেষ্ট উপকৃত কৰিব বুলি সদৰি কৰে এ ডি জি , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । উল্লেখযোগ্য যে ভাৰতীয় সেনাত এজন সুদক্ষ বিষয়া হিচাপে পৰিচিত আৰু কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব বহন কৰা ভাস্কৰ কলিতা গোৱালপাৰা সৈনিক স্কুলত ১৯৭৫ চনত নামভৰ্ত্তি কৰি তাৰ পৰা ১৯৮০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈছিল । পৰৱৰ্তী সময়ত ১৯৮১ পুনেৰ এন ডি এত অধ্যয়নৰ বাবে নিৰ্বাচিত হয় আৰু তাৰ পৰা পৰা উত্তীৰ্ণ হৈ ১৯৮৫ চনৰ জুন মাহত ভাৰতীয় সেনাৰ ১৯ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে কমিছনড বিষয়া পদত কৰ্ম জীৱনৰ পাতনি আৰম্ভ কৰে । অৰুণাচল প্ৰদেশ , উত্তৰাখণ্ডত জি অ চিকে ধৰি ভাৰতীয় সেনাৰ বহু গুৰুত্বপূৰ্ণ দায়িত্ব সুখ্যাতিৰে পালন কৰা বাবে ২০১০ চনত ভাৰতীয় সেনাৰ জেনেৰেল বা চিফ অফ দ্যা আৰ্মী ষ্টাফৰ কমেণ্ডেচন কাৰ্ড আৰু ২০১৪ চনত যুদ্ধ সেৱা মেডেল লাভ কৰিছিল । উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ৰামপুৰৰ প্ৰয়াত সমাজকর্মী , অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ কনিষ্ঠ পুত্ৰ ভাস্কৰ কলিতা এজন উচ্চপদস্থ সেনা বিষয়া হলেও নিজৰ আপোন গাঁওখনৰ প্ৰতি আছে অগাধ টান । এতিয়াও সেনাৰ ব্যস্ততাৰ মাজতো ৰামপুৰৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে । আনহাতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পদাংক অনুকৰণ কৰি কেই বছৰ মান পূৰ্বে ভাৰতীয় সেনাত কমিচনড বিষয়া হিচাপে যোগদান কৰি বৰ্তমান উত্তৰ প্ৰদেশৰ কোনো স্থানত মেজৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

Leave A Reply

Your email address will not be published.