অসমৰ ৩০০০খন গাৱত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে অসমীয়ে।অসমীৰ যোগেদি ১. ৫লাখ লোক উপকৃত হৈছে।কথাষাৰ একেষাৰতে বুজিবলৈ কঠিন যেন লাগিলেও এয়া সম্ভৱ কৰি তুলিছে অসমীয়ে।কিয়নো অসমৰ গ্ৰাম্য অঞ্চলৰ লোক সকলৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি অসমীয়ে জন্ম লাভ কৰিছিল ।আচলতে অসমী হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বীকৃতিপ্ৰাপ্ত এটা বিত্তীয় প্ৰতিষ্ঠান ।২০১১চনত উদ্যমী শুভ্ৰ জ্যোতি ভৰালীৰ প্ৰয়াসত জন্ম লাভ কৰা প্ৰতিষ্ঠানটোৱে বৰ্তমান সময়ত বন্ধন বেংকক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ উঠিছে ।উল্লেখযোগ্য যে অসমৰ ২০খন জিলাত অসমীৰ বিভিন্ন শাখা আছে।৩০০যুৱক অসমীত কৰ্মৰত হৈ আছে ।দেশৰ আগশাৰীৰ ৮টা প্ৰধান বেংকৰ লগত অসমী সংযুক্ত হৈ আছে ।অসমীৰ সম্পৰ্কে শুভ্ৰ জ্যোতি ভৰালীয়ে এনেদৰে কয়-অসমীয়ে গ্ৰাম্য অঞ্চলৰ লোকসকলক মূলধন যোগান ধৰে।ইয়াৰ উপৰিও আত্মসহায়ক গোট গঠন কৰি মহিলাসকলৰ সৱলীকৰণৰ সম্পৰ্কে শিকোৱাৰ উপৰিও মিতব্যয়িতা, সজাগতামূলক কাম কাজৰ সম্পৰ্কে অৱগত কৰে।অসমীয়ে১১হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছে ।স্মতৰ্ব্য যে যি সময়ত বৰ্হিৰাজ্যৰ চিট ফাণ্ড কোম্পানীয়ে অসমৰ পৰা কোটি টকা লুট কৰি নিছে, সেই সময়ত অসমীয়ে গ্ৰাম্যাঞ্চলৰ বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীয়ে নিসন্দেহে ইতিবাচক বতৰা কঢ়িয়াইছে।
Trending
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা
- টপচেম চিমেন্টে চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শীর্ষক ৮ম সংখ্যক শিবিৰ আয়োজন
- Inauguration of STEM Education Lab and Vasundhara Soil Organic Carbon Detection Laboratory cum Manufacturing Unit NECTAR Office
- কোকৰাঝাৰত ষষ্ঠ অনুসূচী পৰিষদৰ সাংবাদিক সন্মিলন সম্পন্ন
- ১ ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ সঠিক নথিপত্ৰ নথকা বাহনৰ বিৰুদ্ধে অভিযান চলাব পৰিবহণ বিভাগে
- মিজোৰামত ভ্ৰমণ কৰিবলৈ গৈ পৰ্যটন ক্ষেত্ৰত ৪০ গৰাকী লোকক বিনামূলীযয়াকৈ চিকিৎসা সেৱা আগবঢ়ালে গুৱাহাটীৰ দুই জ্যেষ্ঠ চিকিৎসকে
- এডভান্টেজ অসম ২.০ৰ প্ৰচাৰৰ অংশ হিচাপে কলকাতাত বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ