মেধাবী সত্যজিতৰ সাফল্যত গৌৰবাম্বিত সোৱণশিৰি বাসী

0 434

ইতিহাস প্ৰসিদ্ধ সোৱণশিৰি নদীৰ পাৰৰ এটুকুৰা সমুজ্জ্বল সোন হৈ উজ্বলিল মেধাবী ছাত্ৰ সত্যজিৎ কমান। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি অঞ্চলৰ বালি চাপৰি গাঁওৰ  কমল কমান আৰু ৰশ্মি ৰেখা কমানৰ পুত্ৰ সত্যজিৎ কমানে নগাঁওৰ ৰামানুজন জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হৈ গৃহভূমি ঢকুৱাখনাৰ লগতে  উত্তৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোগামুখ খ্ৰাইষ্ট কিং স্কুলৰ পৰা অৱতীৰ্ণ হৈ  ৯৪ ‘০৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ ৰামানুজন  জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰা সত্যজিৎৰ লক্ষ্য নিজকে এগৰাকী সফল সুদক্ষ অভিযন্তা  হিচাপে গঢ়ি তোলা । তাৰেই প্ৰাৰম্ভিক পদক্ষেপ হিচাপে অধ্যয়ন কৰি মেধাবী ছাত্ৰজনে মুঠ ৯৫’০৬ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত বিজ্ঞান শাখাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা গান গাই, বিহু নাচি ভাল পোৱা প্ৰত্যয়ী ছাত্ৰজনে কয় সাম্প্ৰতিক সময়ৰ প্ৰাত্যহিক জীৱনৰ সতে স্মাৰ্ট ফোনৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে যদিও যোৱা দুটা বছৰত ক্ষণিকৰ বাবেও ম’বাইল ফোনৰ সহায় অথবা ব্যৱহাৰ নকৰাকৈ বিদ্যালয়ত আৰ্জিত জ্ঞানেৰে এই ইস্পিত সফলতা লাভ কৰিবলৈ সক্ষম হলো। কোনো ধৰণৰ  টিউচন কিম্বা ঘৰুৱা শিক্ষকৰ সহায়ৰ অবিহনেই শিক্ষানুষ্ঠানত শিক্ষাগুৰু সকলে কৰা বিদ্যাদানৰ সঠিক আৰু বস্তুনিষ্ঠ অধ্যয়নৰ বাবেই এই বিৰল সফলতা লাভ কৰা বুলি কৈ ইস্পিত সফলতাত আপ্লুত মেধাবী শিক্ষাৰ্থী গৰাকী। ঢকুৱাখনা মহকুমাৰ উন্নয়ন বিকাশে স্পৰ্শ নকৰা  সোৱণশিৰি অঞ্চলৰ অতি ভিতৰুৱা বালি চাপৰি গাঁওৰ বাসিন্দা, বৰ্ষামুখৰ মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল কমান আৰু ৰশ্মিৰেখা কমানৰ পুত্ৰ সত্যজিৎ কমানে কঢ়িয়াই অনা মেধাত্বৰ এই গৌৰৱৰ বাবে সদৌ অসম কমান অপৃন কৌবাং , সোৱণশিৰি বাংকে টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং , সোৱণশিৰী গাঁও পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদক ,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু আদি বিভিন্ন ব্যক্তি সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰজনৰ শৈক্ষিক সমুজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.