ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আগন্তুক দীপাৱলীৰ বতৰত ‘ দিৱালী উইথ মাই ভাৰত ‘ কাৰ্যসূচীৰ আয়োজন কৰিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱে জিলাখনৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত যোৱা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ বিশেষ কৰ্মসূচীৰ প্ৰস্তুত কৰিছে ।সেই উপলক্ষে ২৭ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ ভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ পঞ্চাছ গৰাকী স্বেচ্ছাসেৱকৰ মাজত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে মেৰা যুৱ ভাৰত অভিযানৰ লক্ষ্য উদ্দেশ্য লগতে কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় স্বেচ্ছাসেৱকসকলৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে প্ৰশিক্ষণ দিয়ে।আজি ২৮ অক্টোবৰ তাৰিখে মৰিগাঁও মায়া বজাৰত জিলা যুৱ বিষয়া বিকাশ প্ৰধান আৰু গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰৰ নেতৃত্বত স্বেচ্ছাসেৱক-সেৱিকাসকলে বজাৰৰ চৌহদ পৰিস্কাৰ – পৰিচ্ছন্ন কৰাৰ লগতে ইয়াৰ ব্যৱসায়ীসকলে পৰিস্কাৰ -পৰিচ্ছন্নতাৰ সচেতনতা দাঙি ধৰে । কাৰ্যসূচীৰ অংশ হিচাপে কালিলৈ ২৯ অক্টোবৰ তাৰিখে মৰিগাঁও চহৰৰ ট্ৰেফিক পইন্টসমূহত যান-বাহনৰ বিভিন্ন সজাগতা সম্পৰ্কত প্ৰচাৰ পুস্তিকা লিফলেট আদি বিতৰণ কৰি স্বেচ্ছাসেৱকসকলে দিনজোৰা অভিযান চলাব আৰু ৩০ অক্টোবৰ তাৰিখে মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্বেচ্ছাসেৱকসকলে ৰোগী আৰু অভিভাৱকসকলক বিভিন্ন সেৱা আগবঢ়াৱ বুলি নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ