মোদী চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকাল সন্দৰ্ভত উত্তৰ কামৰূপ জিলা বিজেপিৰ সংবাদমেল

0 143

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক সংবাদমেলৰ আয়োজন কৰি মোদী চৰকাৰৰ উন্নয়ন মূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে উত্তৰ কামৰূপ জিলা বিজেপিয়ে। সংবাদমেল খন সম্বোধন কৰে ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। সাংসদ গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বই বিশ্বত এক নতুন চাপ পেলোৱাই নহয়, সমগ্ৰ দেশবাসীৰ মাজত স্বাভিমানৰ নৱ দিগন্ত জাগ্ৰত কৰিবলৈ সক্ষম হৈছে। বিজেপি চৰকাৰে দৰিদ্ৰ লোক সকলৰ বাবে বহুকেইটা উল্লেখনীয় আঁচনি ৰূপায়ন কৰিছে প্ৰধানমন্ত্ৰী গৰিৱ কল্যান অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ ৮০ কোটি লোকক বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী। সাংসদ মাৰ্ঘেৰিটাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ৩.২ কৌটি নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিছে। বিশ্বৰ সর্ববৃহৎ ক’ভিড টিকা কৰন অভিযান কেৱল ভাৰততেই ১৯০ কৌটিতকৈ অধিক টীকা বিনামূলীয়াকৈ প্ৰদান কৰিছে। সেইদৰে প্রধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযান, হৰ ঘৰ নল চে জল যোজনা আদি সাংসদ গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। তেখেতে প্ৰধানমন্ত্ৰী স্ব-নিধি যোজনাৰ লগতে মোদী চৰকাৰৰ বিগত ৮ বছৰীয়া কাৰ্যকালৰ বহুকেইটা অভিলাসী আঁচনিৰ বিষয়েও উল্লেখ কৰে।
সংবাদমেল খনত সাংসদ গৰাকীৰ লগতে উপস্থিত থাকে উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, হাজোৰ বিধায়িকা সুমন হৰিপ্রিয়া, কামৰূপ জিলা পৰিষদৰ সভাপতি ৰীতা তালুকদাৰৰ লগতে দলীয় কাৰ্যকর্তা সকল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.