মৰাণৰ শিপিনী হেমপ্রভা চুতীয়াৰ বিৰল সৃষ্টি

0 274

মৰাণৰ আদর্শ শিপিনী হেমপ্রভা চুতীয়াই তাঁতৰ শালত শেহতীয়াকৈ বৈ উলিয়াইছে চতুর্থখন ধর্মগ্রন্থ৷ ইতিপূর্বে ‘গুণমালা’, ‘নামঘোষা’, ‘ভাগৱত গীতা’–ৰ সংস্কৃত সংস্কৰণৰ পাছত এইবাৰ শিপিনীগৰাকীয়ে ইংৰাজী ভাষাত বৈ উলিয়াইছে ‘ভাগৱত গীতা’৷মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱৰ শিপিনীগৰাকীয়ে ২৮০ ফুট দৈর্ঘ্য আৰু ২ ফুট প্রস্থৰ ভাগৱত গীতাখন সম্পূর্ণ কৰি উলিয়ালে তিনি বছৰত৷ ভাগৱতৰ ১৮ স্কন্ধৰ ৭০১ ফাকি শ্লোক মুগাৰ সূতা বোৱা বস্ত্রত সেউজীয়া ৰঙৰ ঊণেৰে আটকধুনীয়াকৈ বৈ উলিয়াইছে শিপিনীগৰাকীয়ে৷
দেওবাৰে শালৰ পৰা ভাগৱতখন ধর্মীয় ৰীতি–নীতিৰে আনুষ্ঠানিকভাৱে কাটে মৰাণৰ কালশিলা সত্রৰ পৰিচালক চন্দ্র মহন্তই৷ ইয়াৰ পূর্বে ২০১৩ বর্ষৰ পৰা ২০১৮বর্ষলৈকে তিনিখন ধর্মগ্রন্থ ক্রমে ‘গুণমালা’, ‘নামঘোষা’ আৰু ‘শ্রীমদ্ভাগৱত গীতা’ৰ সংস্কৃত সংস্কৰণ তাঁতত বৈ উলিয়াইছিল হেমপ্রভা চুতীয়াই৷ ২০১৮ বর্ষৰ পৰা আৰম্ভ কৰা শ্রীমদ ভাগৱত গীতাৰ ইংৰাজী সংস্কৰণ সম্পূর্ণ কৰি তোলে চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত৷ নিজৰ অসামান্য দক্ষতাৰে অসম্ভৱকো সম্ভৱ কৰি তোলা মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁও নিৱাসী আদর্শৱান মহিলা হেমপ্রভা চুতীয়া নিজৰ কর্মৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত সম্বর্ধিত আৰু উচ্চ প্রশংসিত হৈছে৷ভাগৱতভাগিৰ বাবে হেমপ্রভা চুতীয়াক প্রয়োজন হোৱা সূতা যোগান ধৰি উৎসাহ যোগাইছে যোৰহাটৰ উদ্যমী চিকিৎসক ডাঃ বুদ্ধদেৱ দত্ত আৰু পত্নী ৰেখা দত্তই৷

Leave A Reply

Your email address will not be published.