মৰিয়নিৰ চেলেংহাটৰ বিশিষ্ট সমাজ কৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ বঁটা                     

0 338

সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ উদ্যোগত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তি সকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ দ্ধাৰা সমাজকৰ্মী তুষাৰ পাললৈ জীৱন জোৰা সমাজপ্ৰাণ খিতাপ প্ৰদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত পি ডব্লিউ ডি অডিটেৰিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সমাজ কৰ্মী তুষাৰ পালে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কৃষানৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে। আনহাতে এই বঁটা লাভ কৰি সমাজ সেৱাৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ উৎসাহ আৰু অনুপ্ৰেৰণা পোৱা বুলি ব্যক্ত কৰে তুষাৰ পালে।উল্লেখ্য যে, তুষাৰ পাল এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ। আনহাতে মাদক দ্ৰব্য, ড্ৰাগছ, অন্ধবিশ্বাস আৰু ক’ৰণা বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা আনিবলৈ কোনো চৰকাৰী সহায় অবিহনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা লগতে  কেইবাখনো চুটি ছবি নিৰ্মান কৰা লগতে নিজৰ পকেটৰ ধন খৰচ কৰি বিভিন্ন অঞ্চলত সজাগতা সভা আৰু লিফলেট আদি বিতৰন  আহিছে। ইয়াৰো পৰি বহু অসহায় দৰিদ্ৰ লোক আৰু ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে তুষাৰ পালে। ইতিমধ্যে তুষাৰ পালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে।এই গৰাকী মানৱ দৰদী সমাজকৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ সন্মান বঁটা আগবঢ়োৱাত চেলেংহাট বাসীয়ে আনন্দ প্ৰকাশ কৰা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।
খবৰ যুগুতালে জ্যোতি প্ৰসাদ গগৈয়ে

Leave A Reply

Your email address will not be published.