যাত্ৰীবাহী ৰেলত যাত্ৰা কৰা যাত্ৰীয়ে বিপদত পৰিলে বা যাত্ৰাকালত কিবা অভিযোগ দিব বিচাৰিলে এতিয়াৰে পৰা ভাৰতীয় ৰেলৱেৰ হেল্পলাইন নম্বৰ ১৩৯ ত ডায়েল কৰিব পাৰিব।উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰে জানিবলৈ দিয়া মতে এতিয়াৰে পৰা ১৩৯ হেল্পলাইন নম্বৰটো সমন্বিত নম্বৰ হ’ব।ইয়াৰ ফলত পূৰ্বৰ যিকেইটা হেল্পলাইন নম্বৰ আছিল,সেইকেইটা স্বয়ংক্রিয়ভাবে নিষ্ক্রিয় বা অকামিলা হৈ পৰিছে।দুই জানুৱাৰীৰ পৰা নিষ্ক্রিয় হৈ পৰা নম্বৰকেইটা হ’ল ক্ৰমে ১৩৮(সাধাৰণ অভিযোগ),১০৭২(দুৰ্ঘটনা আৰু সুৰক্ষা),৯৭১৭৬৩০৯৮২(এছ এম এছ সেৱাৰ অভিযোগ),৫৮৮৮৮১৩৮(ডবা চাফাইৰ অভিযোগ),১৫২২১০(ভিজিলেঞ্চ) আৰু ১৮০০১১১৩২১(কেটাৰিংচাৰ্ভিছ)আনহাতে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা সমন্বিত হেল্পলাইন ১৩৯ নম্বৰ ডায়েল কৰিলে ১২ টা ভাষা উপলব্ধ হ’ব আৰু সাধাৰণ মোবাইলকে ধৰি যিকোনো মোবাইল নম্বৰৰ পৰা সহজে ডায়েল কৰিব পাৰিব।তাৰপাছতে যি বিষয়ত অভিযোগ দিব বিচাৰে সেই অনুসৰি যাত্রীয়ে হেল্পলাইন নম্বৰৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি অভিযোগ ভেদে নিজৰ নিজৰ মোবাইলত ১,২,৩,৪,৫,৬ আৰু ৯ নম্বৰটো টিপিব লাগিব।অৱশ্যে পূৰ্বৰ হেল্পলাইন ১৮২ ৰ সেৱা বাহাল থাকিব।আনহাতে অত্যাধুনিক প্ৰযুক্তিৰে নম্বৰটো সমৃদ্ধ সমন্বিত ১৩৯ হেল্পলাইন নম্বাৰটোৰ সেৱা দ্ৰুততৰ আৰু ক্ষীপ্ৰতৰ হোৱাৰ লগতে যাত্রীৰ অনুকূল হ’ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই আশা ব্যক্ত কৰিছে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন