যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক যোগক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰা মানসিকতা গঢ়িবলৈ আহ্বান মুখ্যমন্ত্ৰী

0 192

ভাৰতীয় সভ্যতা সনাতন আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে যোগ।জীৱন শৈলীক সুস্থ আৰু সুন্দৰ ৰূপত গঢ়ি তোলাৰ লগতে মানসিক প্ৰশান্তিৰ বাবে যোগাভ্যাসৰ যি পৰম্পৰা এই পৰম্পৰাই আজি বিশ্ব সম্প্ৰদায়ৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে।যোগ কেৱল ব্যায়াম আৰু অনুশীলনৰ সমষ্টি নহয়।যোগ হৈছে মানসিক সক্ষমতা আৰু সুস্বাস্থ্য লাভৰ এক সুগম পথ।সেইবাবে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা,সংস্কৃতিৰ এক উত্তম ফচল হিচাপে আজি সমগ্র বিশ্ববাসীয়ে যোগৰ মহত্ব আৰু গুৰুত্ব উপলদ্ধি কৰিবলৈ সক্ষম হৈছে।আজাদী কা অমৃত মহোৎসৱ আৰু অহা ২১ জুনত উদযাপিত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱ দৌল প্ৰাংগণত অনুষ্ঠিত যোগ উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। যোগ উৎসৱৰ এই অনুষ্ঠান শিৱসাগৰত আয়োজিত কৰাৰ লগতে যোগৰ জনপ্ৰিয়কৰণৰ বাবে কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা পিছতে নৰেন্দ্ৰ মোদীয়ে যোগক বিশ্ব বাসীৰ সন্মুখত তুলি ধৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰে।মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি জনায় ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে।এই পদক্ষেপ ভাৰতীয় সভ্যতা সংস্কৃতিৰ মান্যতা প্ৰদান কৰা লগতে ভাৰতে বিশ্ব গুৰুৰ আসনত অধিষ্ঠিত হোৱাৰ দিশত এক শক্তিশালী খোজ পেলোৱাত সহায় কৰিছে।

গীতাত চিত্ত স্থিৰ কৰিবলৈ যোগৰ মহত্বৰ কথা কৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিয়মিত যোগাভ্যাসে চিত্ত স্থিৰ কৰাত সহায় কৰে।ভাৰতীয় ঋষি মুনিসকলে কেইবা হাজাৰ বছৰ পূৰ্বে বিবিধ পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে শ্বাস প্ৰশ্বাস আৰু অংগ সঞ্চালনা দ্বাৰা শৰীৰৰ পেশীসমূহৰ সৱল কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভৰ পৰামৰ্শ দি গৈছে।এই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চদক্ষ শতিকাতে যোগাভ্যাসৰ গুৰুত্ব মহত্ব সম্পৰ্কত দৰ্শন দি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।কৈশোৰ কালত মহাপুৰুষ শংকৰদেৱে যি শৌৰ্য ধৈৰ্য ,শক্তি তথা মেধাৰ পৰিচয় দিছিল, সেইখিনি এজন যোগীৰ বাবেহে সম্ভৱ বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে অভিভাৱক সকলক নিজৰ সন্তানৰ সন্মুখত নিয়মিত ভাৱে যোগৰ অনুশীলন অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিবলৈ আহ্বান জনায়।তেওঁ লগতে কয় যে ভাৰতীয় সংস্কৃতিৰ শক্তিশালী এই সম্পদৰ গুৰুত্ব বিশ্বজুৰি তুলি ধৰাৰ দায়িত্ব উঠি অহা প্ৰজন্মই বহন কৰিব লাগিব।যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী সকলে যোগক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰা মানসিকতা গঢ়িবলৈ আহ্বান জনায়।আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক,কেন্দ্ৰীয় আয়ুষ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰা ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,ৰাজহ মন্ত্ৰী যোগেন মহন,সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা,ছিক্কিম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডাঃ মণিকুমাৰ শৰ্মা,অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী অল লিবাং,যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,নাগালেণ্ডৰ ৰাজ্য সভাৰ সাংসদ এছ ফাংনন কন্যাক,বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ,সুশান্ত বৰ গোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে।যোগ উৎসৱৰ যোগাভ্যাস কাৰ্যসূচী সঞ্চালন কৰে মুৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ড° ঈশ্বৰ ভি বাসবাৰেড্ডীয়ে।

Leave A Reply

Your email address will not be published.