যোগৰ অৰ্থ হৈছে একত্ৰীকৰণ কৰা বা লগ হোৱা। জীৱাত্মাৰ লগত পৰামত্মাৰ মিলনেই হৈছে যোগ। যোগে মানুহৰ যিকোনো সমস্যা সমাধানৰ উপাই দিয়ে। ৪ নৱেম্বৰত গুৱাহাটী পল্টানবজাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগত অৱসৰপ্ৰাপ্ত অভিযন্তা কুলজিৎ বৰুৱাৰ ‘Yoga Philosophy of Indian & the East’ নামৰ গ্ৰন্থখন উন্মোচন কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট লেখক তথা লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা নিশুটি মজুমদাৰে। স্বামী,বন্ধু, মহাৰাজৰ মংগলাচৰণেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা গালৰ্ছ পলিটেকনিকৰ অৱসৰী অধ্যক্ষ দীনেশ দত্তই। হেমেন কলিতা আৰু গীতাশ্ৰী বৰাই আঁতধৰা সভাখনত বিশিষ্ট লেখক তথা দিলীপ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কিতাপ পঢ়া আৰু লেখাৰ আনন্দৰ বিষয়ে আলোকপাত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাই যোগৰ উপকাৰিতা বিষয়ে ব্যাখ্যা কৰি কুলজিৎ বৰুৱাই সহজ সৰল ইংৰাজী ভাষাত লিখা গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰে। সভাত বিশিষ্ট লেখক দীনেশ দত্তই উপস্থিত থাকি যোগ হৈছে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা এক মাধ্যম। অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কম। যোগে শৰীৰ নিৰোগী কৰে আৰু ইয়াৰ প্ৰত্যকেই যোগ কৰা উচিত বুলিও ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লেখক কুলজিৎ কুমাৰ বৰুৱাই এই গ্ৰন্থখন লেখাৰ আৰৰ কথা উল্লেখ কৰাৰ পূৰ্বে বিশিষ্ট সমাজহিতৈষী মহেন্দ্ৰ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত