যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন

0 371

অসম চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত চেনেহৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্যসূচী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি যোৰহাট ষ্টেডিয়ামত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হয়। শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ অস্হি ভষ্ম ৰখা পাত্ৰত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ,উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।
অনুষ্ঠানত অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্হা, অসম নাট্য সন্মিলনৰ প্ৰতিনিধিৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি আৰু সৰ্বসাধাৰণ ৰাইজে শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰা যোৰহাটত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৰহাটৰ জনতাই পুৱাৰ পৰা লানিপাতি মৰমৰ শিল্পী গৰাকীৰ অস্হি ভষ্ম ৰখা পাত্ৰত পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পাছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ, ভাগৱত পাঠ আৰু দিহা নাম পৰিৱেশন কৰা হয়। সমূহীয়া ভাৱে মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিৱেশনৰে এই অনুষ্ঠানৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.