যোৰহাট প্ৰেছ ক্লাৱত সোমবাৰে অনুষ্ঠিত এখন সভাত লক্ষীৰাম দুৱৰা দাসে লেখা ধৰ্মমূলক গ্ৰন্থ “মণি-কাঞ্চন সংযোগ” আৰু কিৰণ দাসে লেখা কবিতা পুথি “অনুভৱৰ দিগবলয়ত জোনাকৰ আভা” উন্মোচন কৰে ক্ৰমে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ইন্দ্ৰেশ্বৰ দাস আৰু যোৰহাট জিলা পৰিষদৰ উপ-সভানেত্ৰী বাসৱী কলিতা শইকীয়াই। জগন্নাথ অগ্নিবৰাই আঁত ধৰা সভাত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া আৰু লেখকদ্বৰ লক্ষীৰাম দুৱৰা দাস, কিৰণ দাস (মনজিৎ)-তে বক্তব্য আগবঢ়ায়। কৈবৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ সৌজন্যত অনুষ্ঠিত সভাখনত পৰিবেশকৰ্মী সমীৰ ৰয়, সমাজকৰ্মী দূৰ্লভ দাস আৰু সোমেশ্বৰ দাস বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি কম সময়ৰ ভিতৰতে অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট সংখ্যক লোকৰ লগতে ভালেকেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন