ৰাজ্যৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক-কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

0 243

আজি অসমৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি, থানাসমূহৰ পৰিচালনাৰ বাবে পুঁজি প্ৰদান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক উদ্দেশি ছমাহৰ ভিতৰত অমীমাংসিত গোচৰসমূহৰ চাৰ্জশ্বীট দাখিল, চাকৰি, পাছপ’ৰ্ট আদিৰ বাবে আৰক্ষীৰ প্ৰামাণিকৰণ ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাকে ধৰি বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি আৰক্ষী সেৱাৰ মান অধিক উন্নত কৰাৰ পোষকতা কৰে ৷
এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে-
●দুবছৰ অন্তৰালত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি
●প্ৰতিখন থানাৰ বাবে এখনকৈ গাড়ী, চৰ অঞ্চল তথা গাড়ী চলাচলত অসুবিধা থকা অঞ্চলৰ থানাৰ বাবে মটৰচাইকেল
●উৎস গোটোৱাৰ বাবে থানাসমূহলৈ নিৰ্দিষ্ট পৰিমাণৰ পুঁজি
●থানা পৰিচালনাৰ বাবে বছৰি ২.৫ লাখ টকা
◆প্ৰতিখন থানালৈ ৩টা কম্পিউটাৰ, ১ টা জেনেৰেটৰ
●অতিৰিক্ত ভূমি থকা থানা চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৩ জন উপ-আৰক্ষী বিষয়াৰ বাবে আৱাস নিৰ্মাণ
●দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্তৰ ঘৰলৈ গৈ ৰিপ’ৰ্ট প্ৰদান
●পোষ্ট মৰ্টেমৰ ৰিপ’ৰ্ট ১৫ দিনৰ ভিতৰত প্ৰদান

Leave A Reply

Your email address will not be published.