যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন

0 142

কালি যোৰাবাট উন্নয়ন সমিতিয়ে উদযাপন কৰে ৭৯ তম স্বাধীনতা দিৱসৰ অনুষ্ঠান।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া উমেশ কুমাৰ লগতে উপস্থিত থাকে প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফ্টিনেন্ট জেনেৰেল প্ৰনৱ কুমাৰ ভৰালী লগতে উপস্থিত থাকে ‌IDAS NE Zone CRPF বিকাশ ওজা।

পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কণ কণ ছাত্ৰ ছাত্ৰীক উপহাৰ বিলোৱাৰ লগতে ১০০ মিটাৰ দৈৰ্ঘ্যৰ তিৰংগাৰ ৰেলী উলিওৱা হয়। উক্ত অনুষ্ঠানত উন্নয়ন সমিতিৰ সভাপতি শিৱাজী প্ৰসাদ যশৱাল আদৰণি ভাষণেৰে অনুষ্ঠান মুকলি হোৱাৰ লগতে আমন্ত্রিত অতিথিয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বক্তব্য আগবঢ়াই।

Leave A Reply

Your email address will not be published.