লকডাউনৰ সময়ছোৱাত ঘৰতে শিক্ষা প্ৰদান কৰিছে ২৩ টাকৈ শিশুক

0 262

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি যোৱা ১৬ মাৰ্চৰ পৰা সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। ফলত বিগত প্ৰায় ছমাহ ধৰি আনলক শিক্ষা ব্যৱস্থাৰ বাহিৰে সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোক কাৰ্যত অচলাৱস্থাই দেখা দিছে। ইফালে ৮ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালীক ম’বাইল ফোন সংযুক্ত অনলাইন শিক্ষা প্ৰদানত জটিলতা থকা হেতুকে তেনে বয়সৰ ল’ৰা-ছোৱালীখিনি শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।
 
 
 
আনহাতে তেনে অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত শিশু সকলক স্বেচ্ছাই বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ বাবে আগবাঢ়ি আহি এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে গুৱাহাটী মহানগৰৰ পশ্চিম প্ৰান্তৰ গড়ল ওৱান্দাৰ কিডছৰ দুই শিক্ষক-শিক্ষয়িত্ৰীয়ে। এই সন্দৰ্ভত ২০১৬ চনতে বৃহত্তৰ গড়লকে ধৰি কাষৰীয়া অঞ্চলৰ কণ কণ শিশু সকলক নামমাত্ৰ ফীজৰ বিনিময়ত শিক্ষা প্ৰদানৰ লক্ষ্যৰে স্থাপন কৰা ওৱান্দাৰ কিডছৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী অজন্তা শৰ্মা ডেকাই জানিবলৈ দিয়ামতে বিদ্যালয়ত বৰ্তমান নাৰ্ছাৰীৰ পৰা প্ৰথম শ্ৰেণীলৈ মুঠ ৬৫ টা শিশুৱে অধ্যয়ন কৰি আছে।
 
 
 
লকডাউন ঘোষণা কৰাৰ আগলৈকে তেওঁৰ সৈতে চাৰিজন শিক্ষক-শিক্ষয়িত্ৰীয়ে শিশুসকলক শিক্ষাদান কৰিছিল। কিন্তু লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা বিদ্যালয় সমূহ বন্ধ হৈ পৰে। পৰৱৰ্তী সযময়ত মে-জুন মাহৰ পৰা অনলাইন বা নিয়মাৱলী অনুসৰি বিদ্যালয় সমূহত অনলাইন শিক্ষা ব্যৱস্থাৰ আৰম্ভ কৰা হয়। কিন্তু অজন্তা শৰ্মাই ব্যক্ত কৰা অনুসৰি তেওঁলোকৰ বিদ্যালয়ত অধ্যয়নৰত শিশুসকলৰ ৩ ৰপৰা ৬ বছৰ বয়স হোৱা হেতুকে নীতিগত কাৰণত তেনে বয়সৰ শিশুক ম’বাইল ফোনযোগে বা অনলাইন শিক্ষা প্ৰদান কৰিব নোৱাৰি।
 
 
সেয়েহে শিশু সকলৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰি শিশুসকলক ক’ডিড প্ৰটকল বিধি মানি ঘৰতে বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ আঁচনি গ্ৰহণ কৰা হয়। অৱশেষত ধাৰাপুৰৰ পৰা গড়ললৈকে বৃহত্তৰ অঞ্চলটোৰ ২৩ টা শিশুক অভিভাৱকে তেওঁলোকৰ সন্তানক ঘৰতে পঢ়ুৱাবৰ বাবে অনুমতি প্ৰদান কৰে। পহিলা জুনৰ পৰা তেওঁৰ লগতে বিদ্যালয়ৰ শিক্ষক তথা গড়ল ভট্টাপাৰাৰ বাসিন্দা ব্ৰজেন দাসে ২৩ টা শিশুক তেওঁলোকৰ ঘৰতে সপ্তাহত দুদিনকৈ গৈ প্ৰায় ডেৰ দুই ঘণ্টা শিক্ষা প্ৰদান কৰি থকা হৈছে। ইয়াৰে ভিতৰত নাৰ্ছাৰীৰ ৭ জন, এল.কেজিৰ ৫ জন, ইউ কেজিৰ ৮ জন আৰু প্ৰথম শ্ৰেণীৰ ৩ টা কণ কণ ছাত্ৰ ছাত্ৰী আছে।
 
 
ইফালে অজন্তা শৰ্মা ডেকা আৰু ব্ৰজেন দাসে বিদ্যালয় বন্ধ হৈ থকা অৱস্থাত স্বেচ্ছাই বিনামূলীয়াকৈ ২৩ টা শিশুক ক’ভিডৰ ভয়াবহতা নেওচিও ঘৰতে গৈ শিক্ষা প্ৰদান কৰা ব্যতিক্ৰমী প্ৰচেষ্টাক ভুয়সী প্ৰশংসা কৰিছে সচেতন লোকসকলে। বিশেষকৈ মহিলা হৈও গড়লৰ পৰা ছয় কিলোমিটাৰ নিলগৰ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত স্বামী তথা অসমীয়া বিভাগৰ অধ্যাপক ড০ তৰণী ডেকাৰ অৱসৰৰ পৰা পুৱা-গধুলি গৈ শিশুক ঘৰতে শিক্ষা প্ৰদান কৰা কাৰ্যক সকলোৱে শলাগ লৈছে। আনহাতে অজন্তা শৰ্মা ডেকাই জনোৱা অনুসৰি বিদ্যালয়ৰ শিক্ষক ব্ৰজেন দাসে বিগত চাৰি বছৰ ধৰি শিক্ষকতা কৰি আহিছে যদিও ইয়াৰ বাবে তেওঁ টকা বা দৰমহা নলয়।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.