লক ডাউনৰ সময়ছোৱাত চৰকাৰে গ্ৰহণ ব্যৱস্থাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কি ক’লে

0 224

যুৱ প্ৰজন্মৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব পৰা যাব। উঠি অহা প্ৰজন্মক  প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ইতিমধ্যে অসম দক্ষতা বিকাশ অভিযানক নিৰ্দেশ দিয়া হৈছে।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
 
 
ক’ৰণা ভাইৰাছৰ সম্পৰ্কত  মানুহৰ মনত ভয় শংকা বৃদ্ধি পাইছিল যদিও বৰ্তমানে আত্মবিশ্বাস গঢ়ি উঠিছে বুলি মন্তব্য কৰে । মহানগৰীৰ গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযানৰ সভাগৃহত আজি অনুষ্ঠিত হোৱা এক বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰি কয় যে পৰিবহণ বিভাগে গুণগত সেৱা আগবঢ়াব লাগিব যাতে যাত্ৰীসকলে সুনিশ্চিত সেৱা লাভ কৰিব পাৰে।
 
লকডাউনৰ এই সময়ছোৱাত এফ চি আইৰ জৰিয়তে উত্তৰ পুৱলৈ ৬.৫লাখ মেট্ৰিকটন চাউল আহিছে। আনহাতে এই সময়ছোৱাৰ ভিতৰত ৪১৮৪১গৰাকী শ্ৰমিকক নিয়োগ কৰা হৈছে। ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে যাতায়াতৰ ব্যৱস্থা অধিক সূচল কৰিবলৈ ব্যৱস্থা কৰা হৈছে বুলিও তেখেতে মন্তব্য প্ৰকাশ কৰে।
 
আনহাতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বমুঠ ৪৫খন ধাবা খোলাৰ বাবে অনুমতি লাভ কৰিছে।৮৫খন ট্ৰাক মেৰামতি কৰা দোকান মুকলি হৈ আছে।
 
উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমে মহানগৰীত ২০০খন চিটিবাছ চলোৱাৰ লগতে আন্তঃজিলা পৰিবহনৰ ক্ষেত্ৰত ২৪৮খন বাছৰ সেৱা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে। এই বৈঠকত অসম পৰিবহণ নিগমৰ উচ্চপদস্থ বিষয়াৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.