লক ডাউনৰ সময়তে দুখন গাঁৱৰ ৰাইজৰ দায়িত্ব ল’লে মানস ৰবীনে

1 355

ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে এতিয়া লক ডাউন চলি আছে ।এই লক ডাউনৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ ক্ষতিগ্ৰস্ত হয় ,খাটি খোৱা নিচলা জন।তেনে সময়তে শিল্পী মানস ৰবীনে দায়িত্ব বহন কৰিছে দুখন গাঁৱৰ ৰাইজৰ ।জানিব পৰা মতে শিৱসাগৰৰ নিমাইজান আৰু হাতীমুৰীয়া নামৰ গাঁওদুখনৰ খাটি খোৱা লোকৰ তালিকা প্ৰস্তুত কৰি সমীপৱৰ্তী দোকানৰ পৰা নিত্য ব্যৱহাৰ্য্য সামগ্ৰী ল’ব পৰা ব্যৱস্থা কৰিছে।
 
 
 
 
 
 
এক ভিডিঅ’ৰ বাৰ্তাত শিল্পীগৰাকীয়ে সম্প্ৰতি ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি কয় যে এইখন আমাৰ যুদ্ধ, সমগ্ৰ দেশৰ বাবে, সমাজৰ বাবে,গাঁওখনৰ বাবে.. ।ঘৰত বহিয়েই ঘৰখন, গাঁওখনৰ বাবে যুদ্ধ কৰিবলৈ সুযোগ পাইছো।প্ৰত্যেক অসমীয়াই আৰ্তজনক সহায় কৰক।এই আহ্বান মানস ৰবীনৰ।মানস ৰবীনৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

1 Comment
  1. অতি সুন্দৰ পদক্ষেপ

Your email address will not be published.