অসম বিধানসভাৰ স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষণ সমিতিৰ অধ্যক্ষ ‘মৰান সমষ্টিৰ বিধায়ক চক্রধৰ গগৈ, সদস্য সকল ক্রমে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্ম্মা, হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হেছেইন লঙ্কৰ, জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাৰ উদ্দিন মোল্লাহ আৰু গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল কালাম ৰচিদ আলমে লখিমপুৰ জিলাৰ জিলা পৰিষদৰ অধীনত বিভিন্ন খণ্ড উন্নয়ন বিভাগে ৰূপায়ন কৰি থকা কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহ খণ্ড উন্নয়ন এলেকাসমূহত গৈ পৰিদর্শন কৰে ৷ ইয়াৰ পিছত তেখেত সকলে দুখন পর্য্যালোচনা সভাত অংশগ্রহণ কৰে। লখিমপুৰ আবৰ্ত ভৱনৰ সভাকক্ষত হোৱা প্রথম খন পর্য্যালোচনা সভাত জিলা পৰিষদৰ সভাপতি আৰু সদস্য সকলৰ লগত অংশগ্রহণ কৰে । দ্বিতীয় খন পর্য্যালোচনা সভা জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱাই আঁতধৰা সভা খনিত, জিলা উপাযুক্ত সুমিত সত্তাৱন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্রিপুৰেন্দ্র পাটৰ, লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ঢকুৱাখনা পৌৰসভাৰ কার্যাবাহী বিষয়া সকল, জিলা খণ্ড উন্নয়ন বিষয়া সকল, নগৰ উন্নয়ণ প্ৰাধিকৰণৰ বিষয়া আৰু জিলা পৰিষদৰ বিষয়া আৰু বিভিন্ন অভিযন্তা সকলে অংশগ্রহণ কৰে । সভাত সমিতিখনৰ অধ্যক্ষ চক্ৰধৰ গগৈয়ে উপস্থিত থকা সকলো বিষয়াক গাওঁ অঞ্চলা উন্নয়ন সাধন কৰাৰ ক্ষেত্রত অধিক গুৰুত্ব দিবলৈ আহবান জনায়। তেওঁ কয় যে গাঁৱৰ উন্নয়ণ হ’লেহে এখন ৰাজ্যই উন্নতিৰ পথত আগুৱাব পাৰিব । জিলা পৰিষদে আঞ্চলিক পৰিষদৰ লগত সমন্বয় বজাই ৰাখিবলৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক তেখেতে আহ্বান জনায়৷ তেওঁ কয় যে, জিলাখনত বহুখিনি আচঁনিত কাম ফলপ্রসূভাবে ৰুপায়িত হৈছে যদিও কিছু সংখ্যক কাম সঠিক ভাবে এতিয়াও ৰূপায়িত হোৱা নাই৷ সেই বাবে জিলা উপায়ুক্তক সেইবোৰ নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। জনসাধাৰণ যাতে চৰকাৰী আঁচনি সমূহতৰ পৰা উপকৃত হ’ব পাৰে তাৰ বাবে সঠিক ভাবে বিষয়া সকলক চৰকাৰী আঁচনি সমূহ খৰতকীয়াকৈ সম্পূর্ণ কৰিবলৈ তেখেতে নির্দেশ দিয়ে ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign