ৰাজ্যৰ‌ ৰাজনৈতিক সমষ্টি পুনৰ‌ নিৰ্ধাৰণ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কে এ চি প্ৰধানৰ

0 147

কেন্দ্ৰীয় তথা ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তই শেহতীয়াকৈ পাঁচখন ৰাজ্যৰ লগতে অসমৰ ৰাজনৈতিক সমষ্টিসমূহে পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যত প্ৰথমবাৰলৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ চমুকৈ কে এ চি ৰ প্ৰধান গকুল বৰ্মনে।নামনি অসম তথা অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰি থকা কোঁচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহ সংৰক্ষণ কৰি অসম চৰকাৰ তথা সংশ্লিষ্ট পক্ষক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে কে এ চি প্ৰধান গকুল বৰ্মনে।আজি ধুবুৰী জিলাৰ বহলপুৰত এটা পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন অনুষ্ঠানত তেখেতে এই মন্তব্য কৰে ।উল্লেখযোগ্য যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন পুজিৰে বহলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ নিৰ্মানৰ বাবে ৫ লাখ টকাৰ অনুদান ধার্য কৰিছিল কমতাপুৰ স্বায়ত্বশাসিত পৰিষদে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.