লখিমপুৰ জিলা আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা

0 267

সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ঘিলামৰা টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত ঘিলামৰাত অনুষ্ঠিত হৈছে ষষ্ঠ সংখ্যক লখিমপুৰ জিলা আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা।লখিমপুৰ জিলা সন্থাৰ তত্বাৱধানত দেওবাৰে জিলাখনৰ  ঢকুৱাখনা,ঘিলামৰা,লখিমপুৰ ,আজাদ ,সোনাৰী চাপৰি টাইকোৱাণ্ডো একাডেমী ,হাইটেক একাডেমী,চাও থৌ লুং একাডেমী সহ মুঠ ৭ টা ক্লাবৰ প্ৰায় ৩ শতাধিক প্ৰতিযোগীয়ে চাব জুনিয়ৰ ,কেডেট , জুনিয়ৰ ,চিনিয়ৰ আদি শাখাত (লৰা আৰু ছোৱালী) অংশ গ্ৰহণ কৰে।ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত দেওবাৰে পুৱা ৯ বজাত পুৱা প্ৰতিকূল বতৰকো উপেক্ষা কৰি পতাকা উত্তোলন কৰে জিলা সন্থাৰ সভাপতি উত্তম বৰুৱা আৰু আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱাই।ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত অভিজাত  বৰাই উদ্বোধন কৰা প্ৰতিযোগিতাত  ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ পিংকি মণি সন্দিকৈ,জিলা সন্থাৰ  সভাপতি উত্তম বৰুৱা,কাৰ্যকৰী সভাপতি জয়ন্ত ফুকন,ধেমাজি জিলা সন্থাৰ সম্পাদক খগেন কোঁৱৰ, বিভিন্ন ক্লাৱৰ বিষয়ববীয়া সকল আৰু  আয়োজক সমিতিৰ সমূহ বিষয়ববিয়া ,
অভিভাৱক, দর্শক উপস্থিত থাকে।২০ গৰাকী ৰেফাৰীৰ পৰিচালনাত শৃংখলাবদ্ধ ভাবে প্ৰবল বৃষ্টিপাতৰ মাজতে অনুষ্ঠিত প্ৰতিযোগিতাৰ বিভিন্ন শিতানৰ শ্ৰেষ্ঠ বিবেচিত তথা প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক প্ৰমানপত্ৰ আৰু সোন ,ৰূপ আৰু ব্ৰঞ্জৰ মেডেলেৰে সন্মানিত কৰা হয়। জিলা সন্থাই জনোৱা মতে এইসকল শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক ৰাজ্যিক পৰ্যায়ত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।

Leave A Reply

Your email address will not be published.