লণ্ডনত সমাদৃত অসমীয়া ডিজাইনাৰ

0 253

বিদেশত সমাদৃত হৈছে ইণ্টাৰিঅ’ ডিজাইনাৰ কৰিস্মা কাকতি।লণ্ডনৰ হাউচ অফ কমনত কালি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৰিস্মা কাকতিয়ে Best emerging interior design professional of the year at global Indian business excellence award লাভ কৰিছে ।ডাব্লিউ বি আৰে আয়োজন কৰা অনুষ্ঠানটোত দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ ফ’বচ আলোচনীৰ এপ্ৰিলৰ সংখ্যাত কৰিস্মা কাকতিৰ কৰ্মৰ সবিশেষ প্ৰকাশ পাইছিল।কালি লাভ কৰা বঁটা গ্ৰহণৰ মূহুৰ্তৰ কথা কৰিস্মাই বিদেশৰ মাটিৰ পৰাই এন ই ফ’কাচ ডট কমক এনেদৰে জানিবলৈ দিয়ে-উত্তৰ পূবক প্ৰতিনিধিত্ব কৰি আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰি সুখী অনুভৱ কৰিছো।বঁটা গ্ৰহণৰ সময়ত পাটৰ চাদৰ মেখেলা পৰিধান কৰিছিলো।অসমীয়া কাপোৰ সাজ দেখি সকলোৱে প্ৰশংসা কৰিছিল।এই কথা শুনি মই গৌৰৱ অনুভৱ কৰিছিলো ।অনাগত দিনটোও কাঁ ডিজাইনক প্ৰসাৰ ঘটোৱাৰ প্ৰয়াস কৰিম।বিদেশৰ মাটিত স্বদেশৰ গৌৰৱৰ ধ্বজা বহন কৰিবলৈ সক্ষম হোৱা কৰিস্মা কাকতিক এন ই ফ’কাচ ডট কমৰ তৰফৰ পৰা জনালো অলেখ অভিনন্দন ।

Leave A Reply

Your email address will not be published.