বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰকল্পৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এক সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়।লাচিত দিৱসৰ মূল কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত উপায়ুক্ত নয়নজ্যোতি ভাগৱতী,জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিদ্ৰ বৰদলৈ।ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত নহয়জ্যোতি ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়াৱা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট বক্তা মাৰ্ঘেৰিটা মহাবিদ্যালয় সহযোগী অধ্যাপক ড° ৰমেন হাজৰিকাই মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰে।বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত লাচিত দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত স্পীড আৰ্টিষ্ট ৰবীন বাৰে মিৰাকেল আৰ্ট, চিগনেচাৰ আৰ্ট আৰু লাচিত বৰফুকনৰ কৰ্মৰাজিৰ প্ৰতিচ্ছবিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে চেণ্ড আৰ্ট প্ৰদৰ্শন কৰে।ইয়াৰ উপৰিও অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ ওপৰত এখনি সংগীতালক্ষ্য প্ৰদৰ্শন কৰে । নৃত্যাঙগণ কলাকেন্দ্ৰৰ ছাত্ৰীসকলে।ইয়াৰ লগতে সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য,খোৱাং কঠালগুৰিৰ সাংস্কৃতিক দলে লাই-লুং খাম আৰু টঙনা কৈলাশৰ চেংচাঙ দলে হেং দাং নৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী লুইত গগৈয়ে অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি গীত পৰিৱেশন কৰে।অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমান্বয়ে দিপু কুমাৰ ডেকা,সুশান্ত দত্ত,চৰফ্ৰাজ হক,মনজিৎ বৰকাকতী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰী আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী সকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত কচুজান খেল পথাৰৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে।শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে।ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী,এন .চি. চি কেডেটসকলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সদস্য তথা মাকুম পুলিচ বেটেলিয়ানৰ বেণ্ডয়েও শোভাযাত্ৰাত যোগদান কৰে।সন্ধিয়া তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে থানা চাৰিআলি আৰু অন্যান্য ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয়।
Trending
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে