বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক প্ৰকল্পৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এক সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়।লাচিত দিৱসৰ মূল কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত উপায়ুক্ত নয়নজ্যোতি ভাগৱতী,জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিদ্ৰ বৰদলৈ।ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত নহয়জ্যোতি ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়াৱা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট বক্তা মাৰ্ঘেৰিটা মহাবিদ্যালয় সহযোগী অধ্যাপক ড° ৰমেন হাজৰিকাই মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰে।বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাপণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত লাচিত দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত স্পীড আৰ্টিষ্ট ৰবীন বাৰে মিৰাকেল আৰ্ট, চিগনেচাৰ আৰ্ট আৰু লাচিত বৰফুকনৰ কৰ্মৰাজিৰ প্ৰতিচ্ছবিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে চেণ্ড আৰ্ট প্ৰদৰ্শন কৰে।ইয়াৰ উপৰিও অনুষ্ঠানত বীৰ লাচিত বৰফুকনৰ ওপৰত এখনি সংগীতালক্ষ্য প্ৰদৰ্শন কৰে । নৃত্যাঙগণ কলাকেন্দ্ৰৰ ছাত্ৰীসকলে।ইয়াৰ লগতে সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক নৃত্য,খোৱাং কঠালগুৰিৰ সাংস্কৃতিক দলে লাই-লুং খাম আৰু টঙনা কৈলাশৰ চেংচাঙ দলে হেং দাং নৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী লুইত গগৈয়ে অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি গীত পৰিৱেশন কৰে।অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমান্বয়ে দিপু কুমাৰ ডেকা,সুশান্ত দত্ত,চৰফ্ৰাজ হক,মনজিৎ বৰকাকতী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰী আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী সকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত কচুজান খেল পথাৰৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে।শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে।ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী,এন .চি. চি কেডেটসকলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সদস্য তথা মাকুম পুলিচ বেটেলিয়ানৰ বেণ্ডয়েও শোভাযাত্ৰাত যোগদান কৰে।সন্ধিয়া তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে থানা চাৰিআলি আৰু অন্যান্য ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem