লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত

0 215

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আহোমৰ সোণালী অধ্যায় আশা,নৈপুণ্য আৰু বীৰত্বৰ গাঁথা।বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰখন সঞ্চালনা কৰে অসমৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জিষ্ণু বৰুৱাই। আলোচকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক তথা আয়ুক্ত ড° গুপ্ত কাশ্যপ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক কুলদ্বীপ পাটোৱাৰী, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান প্ৰকাশ সিং,ভাৰতীয় সেনাৰ পূব কমাণ্ডৰ জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচাৰ্য কপিল কাপুৰে। আলোচকসকলে আহোমসকলৰ সামৰিক নৈপুণ্যতাৰ লগতে অসম তথা সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ইতিহাসত তেওঁলোকৰ ভূমিকা বিষয়ে বিশেষ ভাৱে আলোচনা কৰে।এই আলোচনাত আহোমসকলৰ প্ৰশাসনিক আৰু সামৰিক গাঁথনি আৰু আৰ্থ সামাজিক ব্যৱস্থাৰ কথাইও গুৰুত্ব লাভ কৰে আলোচনাত অংশগ্ৰহণ কৰি প্ৰকাশ সিঙে কয় যে আহোমসকলে তেওঁলোকৰ ৰাজ্যত বিদেশী আক্ৰমণকাৰীৰ আগ্ৰাসন সফলভাবে প্ৰতিহত কৰিছিল।লাচিত বৰফুকনে জন্মসূত্ৰেই লাভ কৰা শৌৰ্য,দেশপ্ৰেম আৰু ৰাজনৈতিক পৰিকল্পতাই তেওঁক এগৰাকী দক্ষ আৰু সফল আহোম সেনাপতি ৰূপে প্ৰতিষ্ঠিত কৰিছিল।এই প্ৰসংগত বুৰঞ্জীবিদসকলে লাচিত বৰফুকনে কৰা প্ৰশংসা কথাও উল্লেখ কৰে। অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লাচিত বৰফুকনক ভাৰতৰ ইতিহাসত যথাযথ স্থান দিয়াৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক শলাগ লয়।তেওঁ লগতে কয় যে ভাৰতৰ অন্যান্য ৰাজ্যৰ বহু কিংবদন্তি নায়কে এতিয়াও তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি লাভ কৰা নাই।ড° সমুদ্ৰ গুপ্ত কাশ্যপে অসমে সন্মুখীন হোৱা বহি:আক্ৰমণৰ বিৱৰণ দাঙি ধৰি বীৰ লাচিত বৰফুকনক এক গৱেষণাৰ বিষয় বুলি উল্লেখ কৰে।তেওঁ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ দেশৰ ৰাজধানী চহৰ দিল্লীত বীৰ লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰি এন চি ই আৰ টিৰ পাঠ্যক্ৰম আৰু এন ডি এ আদিৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি অন্তৰ্ভুক্ত কৰা পোষকতা কৰে।প্ৰসংগক্ৰমে তেওঁ নেশ্যনেল ডিফেন্স একাডেমীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে অসমৰ প্ৰাক্তন ৰাজ্যপাল জেনেৰেল এছ কে সিনহাৰ শলাগ লয়।অধ্যাপক চন্দন কুমাৰ শৰ্মাই পুৰণি বুৰঞ্জী আৰু বিদ্যায়াতনিক গ্ৰন্থৰাজিত লাচিতৰ জীৱন আৰু কৰ্মৰাজি প্ৰতিফলন বিষয়ে বিভিন্ন তথ্যপাতিসহ ব্যাখ্যা আগবঢ়ায়।তেওঁ অসমৰ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত লাচিতৰ প্ৰাসংগিকতা কথাও উল্লেখ কৰে।স্বাধীনতা সংগ্ৰামকে ধৰি বিভিন্ন সংকটৰ সময়ত লাচিতৰ নাম আৰু স্মৃতি কেনেকৈ অসমীয়া জনগণক প্ৰভাৱিত কৰাৰ লগতে সকলোকে একত্ৰিত কৰিছিল সেই বিষয়েও তেওঁ উল্লেখ কৰে।লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই বৰ্তমান প্ৰেক্ষাপটত লাচিত বৰফুকনৰ সামৰিক দক্ষতাৰ প্ৰাসংগিকতা ওপৰত গুৰুত্ব আৰোপ কৰে।তেওঁ কয় যে এজন সফল সেনা নায়কে যুদ্ধক্ষেত্ৰতৰ ভৌগোলিক পৰিবেশ আৰু বতৰ নিজৰ ৰণনীতি অনুকূল কৰি ব্যৱহাৰ কৰে।লাচিত বৰফুকনেও শৰাইঘাটৰ নৌযুদ্ধত এই ৰণনীতি সফলতাৰে প্ৰয়োগ কৰিছিল।উল্লেখ্য যে ২০২২ বৰ্ষ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মবৰ্ষ।অসম চৰকাৰৰ এই জন্ম বৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।যোৱা ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিছিল।নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।আৰম্ভণি দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামণে এই উপলক্ষে বিজ্ঞান ভৱনত আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন কৰে।আজি সন্ধিয়া নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অসমৰ বাৰেৰহনীয়া কৃষ্টি প্ৰদৰ্শন কৰা হ’ব। বিশিষ্ট কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব।কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব আৰু অন্তিম দিনাৰ কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.