শ্ৰমিক কল্যাণ দিৱস উদযাপন

0 147

শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ মৃত্যু তিথিৰ‌ লগত‌ সঙ্গতি ৰাখি মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কালি অনুষ্ঠিত হয় শ্ৰমিক কল্যাণ দিৱস। শ্ৰমিক কল্যাণ বিভাগে আয়োজন কৰা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণে কয় যে শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰীৰ সবল নেতৃত্বত শ্ৰমিক সকলে এনে সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। দিৱসৰ লগত সংগতি ৰাখি তিনিটা উদ্যোগক সম্বৰ্দ্ধনা জনোৱা লগতে মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।এই দিৱসৰ কাৰ্যসূচীত শ্ৰমিক কল্যাণ বিভাগৰ সচিবৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.