চৰাইদেউ পৰ্ব্বতৰ শিখৰত থকা ঐতিহাসিক লাংকুৰি দেওশালত লভলিনা বৰগোঁহাই অলিম্পিকত সফল হোৱাৰ কামনাৰে চৰাইদেউ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে ফু -ৰা তা-ৰাৰ ওচৰত প্ৰাৰ্থনাবন্তি প্ৰজ্বলন কৰা হয় ৷ অসমৰ প্ৰথম মহিলা অলিম্পিক খেলুৱৈ , অসম গৌৰৱ লভলিনা বৰগোঁহাই অলিম্পিকত ছেমি ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰাৰ পাছত পুনৰ দুখনকৈ খেলত জয়ী হৈ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ প্ৰেছ ক্লাছৰ সদস্য সকলে আহোম পৰম্পৰা প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি আৰাধ্য দেৱতালৈ সেৱা জনায় ৷ টাই পুৰোহিত হীৰেন ফুকনৰ সহযোগত সম্পন্ন কৰা এই কাৰ্যসূচীত চৰাইদেউ প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা,যুটীয়া সম্পাদক মিণ্টু তাঁতী,সুশান্ত কোঁৱৰ, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই,দিগন্ত গগৈ ,ইছলাম আহমেদ,বিকাশ গগৈকে ধৰি দেওশাল সংৰক্ষণ সমিতিৰ শ্যাম বৰুৱাই উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা