হলৌ বান্দৰ সংৰক্ষণক লৈ বন বিভাগৰ ন পৰিকল্পনা আছে

0 242

সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়।তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়।হলৌ বান্দৰৰ সংৰক্ষণ বাবে কেন’পী ব্যৱহাৰ কৰিব লাগে,এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নাৰায়ণ শৰ্মাৰ।অসমৰ বিপদাপন্ন আৰু অপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ শীৰ্ষক আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি তেখেতে এই মন্তব্য কৰে।উল্লেখযোগ্য যে ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত বন্যপ্ৰাণী পৰ্যটনে ন মাত্ৰা লাভ কৰিছে।ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ’কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰ খনত উপস্থিত থাকি বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় যে হলৌ বান্দৰ সংৰক্ষণ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন’পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰপৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে।
আনহাতে আলোচনাচক্ৰ খনত আৰণ্যকৰ গৱেষক ড° দিলীপ ছেত্ৰীয়ে হলৌ বান্দৰ সংৰক্ষণৰ সম্পৰ্কত বিশদভাৱে পৰামৰ্শ আগবঢ়ায়। আলোচনাচক্ৰত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে উত্তৰ পূবৰ বিপদাপন্ন প্ৰজাতি আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।
এন ই ফ’কাচৰ সহযোগত আয়োজিত আলোচনাচক্ৰখনত শিক্ষাৰ্থী,পৰ্যটক,প্ৰকৃতিপ্ৰেমী,অধ্যাপক, অধ্যাপিকা,সাংবাদিকে অংশগ্ৰহণ কৰে।স্মৰ্তব্য যে এন ই ফ’কাচ ডট কমে সময়ে সময়ে এনেধৰণৰ সামাজিক উৎকৰ্ষ সাধনৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। সংগীতা ভট্টাচাৰ্য্যই আঁত ধৰা আলোচনাচক্ৰ খনত এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.