পোনপ্ৰথমবাৰৰ বাবে বৰঙ্গাজুলি সত্ৰত সত্ৰাধিকাৰ হ’ব বড়ো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি

0 198

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যুৰ পিছত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হ’ব বড়ো সম্প্ৰদায়ৰ নিৰঞ্জন বড়ো।এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।১৮ জুলাইত ৯৭ বছৰ বয়সত বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাই ইহলীলা সম্বৰণ কৰে।ডিমাকুছিৰ বৰঙ্গাজুলি সত্ৰত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মুখ্যমন্ত্ৰী গৰাকীয়ে বৰঙ্গাজুলি সত্ৰত পদাৰ্পণ কৰাৰ লগে লগে হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে সত্ৰৰ চৌহদ।সত্ৰত উপস্থিত হৈয়ে হৰেকৃষ্ণ মহন্ত আতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।
শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিয়ে সত্ৰৰ মূল নামঘৰত চাকি বন্তি জ্বলাই ভক্তসকলৰ সৈতে নাম কীৰ্তনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।নাম কীৰ্তনত ভাগ লৈ পোনে পোনে গৈ হৰেকৃষ্ণ মহন্ত আতাৰ সমাধিস্থলীত মাল্যাৰ্পণ কৰে।হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যু হ’লেও তেখেতক কেনেকৈ শ্ৰদ্ধা নিবেদন কৰিব পৰা যায় তথা তেখেতৰ আদৰ্শ, অনুপ্ৰেৰণাক নৱ প্ৰজন্মৰ মাজত কিদৰে জীয়াই ৰাখিব পাৰি সেই বিষয়েও চিন্তা চৰ্চা কৰা হ’ব বুলি তেওঁ জনায়।
সত্ৰ উন্নয়ন কৰাৰ ক্ষেত্ৰতো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ লগত আলোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।সত্ৰখন ৰক্ষণাবেক্ষণ কৰা তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে ।তেওঁ লগতে কয় যে ৩৩ খন সত্ৰৰ প্ৰতিষ্ঠাপক তথা সকলো জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰখা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ আদৰ্শৰে অনুপ্ৰাণিত নিৰঞ্জন বড়োক সত্ৰখনৰ সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হ’ব ।

Leave A Reply

Your email address will not be published.