লোকগীতৰ শিল্পীৰ স্মৃতিচাৰণ সভা

0 240

কামৰূপী লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকৰ অষ্টম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাৰ উদ্দেশ্য বাখ্যা কৰি প্ৰফুল্ল বৰ্মনে কয় যে উত্তৰ পুৰুষ সকলে পূৰ্ব পুৰুষক অনুকৰণ কৰি আগবাঢ়ে।৬০দশকলৈ অসমৰ থলুৱা গীত সমূহ খুব সুন্দৰভাৱে চৰ্চা হৈছিল ।এয়া কেৱল স্মৃতিচাৰণ সভাই নহয়, ইয়াৰ জৰিয়তে অসমৰ থলুৱা লোকগীতৰ চৰ্চা হয়।আনহাতে অনুষ্ঠানত উপস্থিত থাকি শিল্পী ধনদা পাঠক লোকগীত প্ৰচাৰ আৰু প্ৰসাৰৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়।উল্লেখযোগ্য যে প্ৰতিবছৰে একোজনকৈ লোকগীতৰ শিল্পীক সন্মান প্ৰদান কৰে।অনুষ্ঠানত লোকগীত পৰিবেশন কৰাৰ লগতে ন্যাস গঠন কৰাৰ সিদ্ধান্ত লয়।অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, সমাজকৰ্মী মৃণালিনী দেৱী, শিল্পী ভুটীয়া দাসকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.