লোক কল্যাণ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত

0 173

ভাৰতৰত্ন গোপীনাথ বৰদলৈদেৱৰ ৭৪সংখ্যক পুণ্যতিথি উপলক্ষে গুৱাহাটীত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জাতিটোৰ প্ৰতি আগবঢ়োৱা অপৰিসীম অৱদানক স্মৰণ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে লোককল্যাণ দিৱস হিচাপে তেখেতৰ পুণ্যতিথি ৫ আগষ্টৰ দিনটো ২০২২ বৰ্ষৰ পৰা পালন কৰি আহিছে।

এই দিৱস উদ্যাপনৰ অংশ হিচাপে কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে কৰ্মসংস্কৃতি, নিয়মানুৱৰ্তিতা তথা দায়বদ্ধতাৰ নিদৰ্শন দেখুওৱা ৪৭গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ আগবঢ়ায়৷ ইয়াৰে ১০গৰাকী ৰাজ্যিক পৰ্যায়ৰ আৰু ৩৭গৰাকী জিলা পৰ্যায়ৰ৷ তদুপৰি ৰাজ্য চৰকাৰ আৰু জিলা তথা সংগঠনসমূহৰ বিষয়াসকলে ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত আগবঢ়াই অহা অসাধাৰণ সেৱাক স্বীকৃতি প্ৰদান তথা পুৰস্কৃত কৰাৰ উদ্দেশ্যে ২০১৬-১৭ বৰ্ষৰ পৰা প্ৰদান কৰি অহা কৰ্মশ্ৰী বঁটা চলিত বৰ্ষত ১৮গৰাকী ৰাজপত্ৰিত বিষয়াক প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.