শংকৰ আজান জাতীয় বিদ্যালয়ৰ ৩য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 213

মৰিগাঁও জিলাৰ জাজৰি বৰমণিপুৰত ২০১৭ চনত প্ৰতিষ্ঠিত শংকৰ আজান জাতীয় বিদ্যালয়ৰ ৩য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে। পুৱা ৯.৩০ বজাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাৰুধন গোস্বামীয়ে পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ হয়। তাৰ পাছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰে শিক্ষাবিদ মহেন্দ্ৰ হাজৰিকাই। মুকলি সভাৰ আগে আগে বিদ্যালয় খনৰ ছাত্রী স্বাগতা কুমাৰীৰ জন্মদিনৰ উদ্দেশ্যে আনুষ্ঠানিক ভাৱে কেক কাটি ওপজা দিনৰ শুভকামনা জনায়। তাৰ পিছতে মহেন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত এখনি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। বিদ্যালয় খনৰ সচিব ৰাহুল দেৱ বৰদলৈৰ কথা আৰু সুৰে এটা সমবেত  গীত পৰিবেশন কৰে। ইয়াৰ পিছতেই  সভাৰ উদ্দেশ্য বাখ্যা কৰে প্ৰধান শিক্ষক আবিদুৰ ৰহমানে। জিকিৰ, আধুনিক গীত, বিভিন্ন দলীয় নৃত্য আৰু একক নৃত্যৰ সমাহাৰেৰে সভাখনিত শৈক্ষিক দিশৰ উপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে বিশিষ্ট লেখিকা, শিল্পী মীনা শইকীয়া বৰুৱা, অৱসৰ প্ৰাপ্ত সৈনিক গেঠু বৰদলৈ, হাবিল দাস, ৰূপেশ্বৰ বৰদলৈ, পোনা বৰদলৈ, সমাজকৰ্মী উমেশ বৰুৱাই। শতাধিক অভিভাৱক লগতে শতাধিক ছাত্র ছাত্রী উপস্থিতিত বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্র ছাত্রীক অভিনন্দন জনায়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

 

Leave A Reply

Your email address will not be published.