অসমৰ অন্যতম অগ্রণী স্বেচ্ছাসেৱী সামাজিক, সাংস্কৃতিক অনুষ্ঠান “শতদল”ৰ উদ্যোগত আজি ইংৰাজী ১৭ জুলাইত মহিলাৰ আৰ্থিক সৱলীকৰণৰ বাবে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ হেঙেৰাবাৰী হাউছিং কলনীস্থিত ৰামধেনু কলা-কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ২৫ গৰাকী মহিলাক আচাৰ, চৰ্বত, জাম-জেলী ইত্যাদি প্ৰস্তুতকৰণৰ জড়িয়তে কেনেদৰে লাভজনক ব্যৱসায় গঢ়ি তুলিব পাৰি এই সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। “শতদল”ৰ কাৰ্যকৰী সভাপতি পুতলী কায়স্থই আঁত ধৰা এই অনুষ্ঠানত মহিলা সকলক জাম-জেলী, আচাৰ, চৰবত আদি প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায় কামধেনু ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ তথা বিশিষ্ট উদ্যোগী মহিলা মালামণি হাজৰিকাই। অনুষ্ঠানত “শতদল”ৰ উপ সভাপতি নন্দিতা বৰঠাকুৰ, যুটীয়া সম্পাদক মুনু বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়া, সদস্য উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান