শতবৰ্ষ উদযাপন

0 302

১৯২০ চনৰ ১ জানুৱাৰীৰ পৰা জ্ঞানৰ পোহৰ বিলায় নানা ঘাট প্ৰতিঘাটৰ মাজেৰে ১০০ বছৰত ভৰি দিয়া অসমৰ শিক্ষা জগতৰ ঐতিহ্যমণ্ডিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বৰ্ষজোৰা শতবৰ্ষীয় অনুষ্ঠান কালিৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। আজি পুৱা ৮.৩০ বজাত শতবৰ্ষত পদাৰ্পণ কৰা বিদ্যালয়খনৰ সুকীয়া পতাকা উত্তোলন কৰে অধ্যক্ষ অমলেন্দ্ৰনাথ ডেকাই। ইয়াৰ পিছতে ৯.৩০ বজাত অবিভক্ত কামৰূপ জিলাৰ মৰিগাঁওৰ পৰা গোৱালপাৰা জিলালৈ শিক্ষাৰ প্ৰসাৰ ঘটোৱা বিদ্যালয়খনৰ এই গৰিমাময় ইতিহাসৰ স্মৃতি সোঁৱৰণ কৰি মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ এক সামূহিক দৌৰে শতবৰ্ষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন  ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসে। এই কাৰ্যসূচী মুকলি কৰি দাসে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই দিনটো পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বাবে এটা উল্লেখযোগ্য দিন বুলি কয়। উক্ত কাৰ্যসূচীৰ পিছত পুৱা ১০.৩০ বজাত বিদ্যালয় প্ৰাঙ্গনত ১০০ খন  পতাকা উত্তোলন কৰি শতবৰ্ষীয় বিদ্যালয়খনৰ গৌৰৱ ধ্বজ্জা উৰুৱাই এশজন বিশিষ্ট ব্যক্তিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ লয়। শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি অমৃত কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফুলৰাণী ডেকা, প্ৰাক্তন ছাত্র সন্মিলনীৰ সভাপতি নৃপেন ঠাকুৰীয়াকে ধৰি ১০০ গৰাকী ব্যাক্তিৰ দ্বাৰা এই গৌৰৱ ধ্বজ্জা উত্তোলন কৰাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰীসকলে শতবৰ্ষৰ মূল সমবেত সংগীত পৰিবেশন কৰি অনুষ্ঠানটি সজীৱ কৰি তোলে। ইয়াৰ পিছতেই বিদ্যালয়ৰ দাতা প্ৰয়াত ৰিদকৰণ চেৰাউগী, প্ৰয়াত বালচান্দ চেৰাউগী, বিদ্যালয়ৰ প্ৰথম পৰিচালনা সমিতিৰ সভাপতি মি: বেন্টিংক আৰু প্ৰথম গৰাকী প্ৰধান শিক্ষক প্ৰয়াত যোগেশ চন্দ্ৰ তামুলীৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সকলোৱে পুষ্পাঞ্জলি প্ৰদান কৰি তেখেত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে সোঁৱৰণ কৰে। ইয়াৰ পিছত শ্বহীদ তৰ্পন আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃক্ষৰোপন কৰে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি অমৃত কলিতা, কাৰ্যকৰী সভাপতি ৰঘুনাথ বৰা, বিদ্যালয়ৰ অধ্যক্ষ অমলেন্দ্ৰনাথ ডেকা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফুলৰাণী ডেকাই। সন্ধিয়া ১০০ গছি বন্তি জ্বলাই এশবছৰত ভৰি দিয়া বিদ্যালয়খনৰ শতবৰ্ষীয় বছৰজোৰা কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে। খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.