শব্দৰে ছবি আঁকি চৰ্চালৈ আহিছে এজন যুৱক

0 158

পেঞ্চিলৰ আক বাক অৰ্থবা ৰং তুলিকাৰে নহয়,শব্দৰে ছবি আঁকি অভিলেখ গঢ়িলে বন্দৰদেৱাৰ এজন যুৱকে।যুৱক জনৰ নাম অজয় শৰ্মা। বিগত বর্ষতে শব্দৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ছবি আঁকি অসম বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্বীকৃতি লাভ কৰিছিল যুৱক জনে।আৰু এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কুৰিটাৰো অধিক গীতৰ শাৰীৰে কলাগুৰুৰ এখন ছবি আঁকি উলিয়াইছে অজয়ে।আৰু এক ব্যতিক্ৰমী শৈলীৰে ড° এ পি জে আব্দুল কালামৰো চিত্ৰৰো অংকন কৰিছে যুৱক জনে। গুৱাহাটী পাণ্ডু মহাবিদ্যালয়ৰ অজয় শৰ্মাৰ এই প্ৰতিভা বাবে সকলোতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.