শাৰীৰিক আৰু আন্তঃগাঁথনিক বিষয়ক সন্মিলন সম্পন্ন

0 301
গুৱাহাটীত আঞ্চলিক বিকাশৰ বাবে শাৰীৰিক আৰু আন্তঃগাঁথনি বিষয়ক এখন দুদিনীয়া সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত শাৰীৰিক আৰু লঘু আন্তঃগাঁথনি সমূহ বিনিয়োগ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংযোগ আৰু বহনক্ষম মহানগৰৰ উন্নয়নৰ বাবে ব্যক্তিগত খণ্ডৰ অংশীদাৰীৰ উদ্ভাৱনমূলক পৰিকল্পনা আৰু নতুন মডেল বিষয় সমূহৰ ওপৰত আঞ্চলিক বৈষম্যতা দূৰ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা হয়।
এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংক চমুকৈ এছ আই বি আই বৈদেশিক পৰিকল্পনা মন্ত্ৰালয়ৰ এক স্বতন্ত্ৰ গৱেষণা সংস্থা, ফেডাৰশ্বন অব ইণ্ডিয়া, চেম্বাৰচ অব কমাৰৰ্ছ ইণ্ডাষ্ট্ৰি আৰু ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে কালিৰে পৰা এই সন্মিলন দুদিনীয়াকৈ আয়োজন কৰিছে। উল্লেখযোগ্য যে এই সন্মিলন খন অহা ২৫ আৰু ২৬ জুনত মুম্বাইত অনুষ্ঠিত হ’ব লগা এআইআইবিৰ তৃতীয় বাৰ্ষিক বৈঠকৰ লীড-আপ কাৰ্য্যসূচী হিচাপে অভিহিত কৰা হৈছে।
গুৱাহাটীৰ ভিভাণ্টা তাজত অনুষ্ঠিত এই অনুষ্ঠানৰ উদ্ধোধন কৰি অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে অঞ্চলৰটো সকলো দিশৰ উন্নয়নৰ বাবে চৰকাৰে এনে পদক্ষেপ হাতত লৈছে। আনহাতে অসমক কেন্দ্রৰ এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্র স্থল বুলি অভিহিত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক উন্নতিৰ পথত আগবঢ়াই নিয়া বুলি ভাষণ প্ৰসংগত ৰাজ্যপালগৰাকীয়ে কয়। দক্ষিণ এছিয়াৰ দেশ সমূহে ইতিমধ্যে উত্তৰপূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ দৃষ্টি দিছে বুলিও ৰাজ্যপালে তেওঁৰ ভাষণত কয়। আনহাতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰে ভাষণ প্ৰসংগত কয় যে ঐতিহাসিক দিশৰপৰা উত্তৰপূৰ্বাঞ্চল স্বাধীনতাৰ পূৰ্বে বিকশিত আছিল আৰু এয়া সম্ভৱ হৈছিল সেই সময়ৰ উন্নত বাণিজ্যক পথৰ বাবে। সন্মিলনত অৰুণাচলৰ পৰ্যটন বিভাগৰ সচিব পি ডি সোনাই উত্তৰপূৰ্বাঞ্চলৰ ডিজিটেল সমস্যা সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰে। তেওঁ এআইআইবিক উত্তৰপূৰ্বাঞ্চলৰ বিকাশৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ আহ্বান জনায়। মুকলি অনুষ্ঠানৰ পিছত প্ৰত্যাশিত ক্ষেত্ৰত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা শীৰ্ষক এক অধিবেশন অনুষ্ঠিত হয়। য’ত পেনেলেষ্টি সকলে বিষয় সম্বন্ধীয় বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰে। এই ক্ষেত্ৰত আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ অধ্যাপক ছিবাষ্টিয়ান মুখ্য ভূমিকা পালন কৰে।
উল্লেখযোগ্য যে অধিবেশনত পেনেলিষ্ট হিচাপে এছিয়ান ডেভলেপমেণ্ট বেংকৰ অৰ্থনীতিবিদ ড: কবিতা আয়েংগাৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ যুটীয়া সচিব উষা পাণ্ডে, গুৱাহাটী আই আই টিৰ চিভিল অভিযান্ত্ৰিক বিভাগৰ মুখ্য অধ্যাপক চন্দন মহন্ত উদ্যোগিক আৰু পৰিকল্পনা মন্ত্ৰালয়ৰ উপাধক্ষ্য অভিষেক  চৌধুৰীকে আদি কৰি বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Leave A Reply

Your email address will not be published.