মিচিং জনগোষ্ঠীৰ শক্তিশালী জন বেষ্টনীৰে সমৃদ্ধ কমান বংশধৰ সকলৰ প্ৰধানতম চালিকা সংগঠন স্বৰূপ সদৌ কমান অপৃন কেবাংয়ে প্ৰতি বছৰে সমাজ সভ্যতাৰ বিশিষ্ট আৰু একনিষ্ঠ সেৱক সকলৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্রদর্শনেৰে উজ্জীৱিত হোৱা কমান বংশধৰ সকলৰ সম্ভাৱনাপূৰ্ণ যুৱ শিক্ষাৰ্থী সকলক উষ্ণ সম্বৰ্ধিত কৰি আহিছে। প্ৰতিষ্ঠা কাল ২০১২ চনৰে পৰা অব্যাহত ৰখা এই প্ৰশংসনীয় কৰ্মসূচী এইবাৰো অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অপৃন কেবাঙে । কমান অপৃন কেবাংৰ সাধাৰণ সম্পাদক চিদানন্দ কমানে বুধবাৰে জনোৱা মতে সাম্প্ৰতিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত সীমিত আৰু সংকুচিত কাৰ্যসূচীৰে চলিত বৰ্ষৰ কমান অপৃনৰ এই বিশেষ সম্বৰ্ধনা সভাৰ ধাৰাবাহিকতা অব্যাহত ৰখা হব। কমান বংশধৰ সকলৰ সহযোগিতাত ২০২১ বৰ্ষৰ এই কৰ্মসূচীত কৃতিমান শিক্ষাৰ্থী সকলৰ লগতে এগৰাকী কৃতিমান আৰু একনিষ্ঠ শিক্ষাগুৰুক সম্বৰ্ধিত কৰা হৱ। কমান অপৃনৰ শুভচিন্তক , ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ তাজিপ গাঁওৰ বিশিষ্ট শিক্ষাগুৰু , সমাজ হিতৈষী তথা সক্ৰিয় সমাজ কৰ্মী গোবিন শৰ্মাক চলিত বৰ্ষৰ উৎকৃষ্ট শিক্ষকৰ বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অপৃনে । কমান অপৃনৰ সাধাৰণ সম্পাদক চিদানন্দ কমানে এক বিবৃত্তি যোগে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰ্মাই অঞ্চলটোৰ শৈক্ষিক ,সামাজিক ক্ষেত্ৰখনৰ গুণগত বিকাশৰ বাবে গ্ৰহণ কৰি অহা নিৰলস প্ৰয়াস আৰু আগবঢ়াই অহা বৰেণ্য সামাজিক অৱদানৰ মান্যতা প্ৰদানৰ বাবে এই বঁটা প্ৰদান কৰা হব বুলি জনাইছে। বিশিষ্ট শিক্ষাবিদ তথা সমাজহিতৈষী শৰ্মাক অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিতব্য কমান অপৃনৰ বিদ্যায়তনিক সম্বৰ্ধনা সভাত কৃতিমান শিক্ষাৰ্থী সকলৰ লগতে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হব বুলি জনাইছে । কমান অপৃন কেবাংৰ এই ৰাজহুৱা স্বীকৃতিয়ে শিক্ষাবিদ শৰ্মাক অধিক উদ্যমী আৰু কৰ্মযোগী কৰি তোলাত অৰিহণা যোগাব বুলি শিক্ষানুৰাগী মহলে মত ব্যক্ত কৰিছে । বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ