শিক্ষাৰ ক্ষেত্ৰখনক অধিক টনকিয়াল কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত শিক্ষা বিষয়া সকলৰ দিনযোৰা কৰ্মশালা অনুষ্ঠিত

0 138

প্ৰধানকৈ শিক্ষাৰ ওপৰতে জাতি এটাৰ উন্নয়ন আৰু প্ৰগতি নিৰ্ভৰ কৰে। এই উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখনক অধিক টনকিয়াল কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে আজি কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত দিনযোৰা কাৰ্য্যসূচীৰে শিক্ষাৰ দায়িত্বত থকা জিলা সমূহৰ অতিৰিক্ত উপায়ুক্ত,বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলৰ এক কৰ্মশালা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে এই কৰ্মশালাত উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে যে আমি বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰখনক আগুৱাই লৈ যাৱ লাগিলে পূৰণি কিছু ধাৰা বাদ দি নতুন চিন্তাৰে উদ্ভাসিত হৈ সময়ৰ লগত খাপ খুৱাই শিক্ষাৰ জগতখনৰ প্ৰগতিৰ স্বাৰ্থত আত্মনিয়োগ কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে যোৱা ২০১১ বৰ্ষৰ পৰা বৰ্তমান সময়লৈকে শিক্ষা বিভাগে ২ লাখতকৈ অধিক শিক্ষক নিযুক্তি দিছে। যিয়ে শিক্ষাৰ জগতখনৰ এক যোগাত্মক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষা বিভাগে পুঙ্খানুপুঙ্খভাৱে ছাত্ৰ-ছাত্ৰীৰ U-Dise Codeৰ সঠিক ৰূপত আৰু পৰিকল্পীত ভাৱে প্ৰয়োগ কৰাৰ ফলত কোভিড মহামাৰী সৃষ্ট পৰিবেশৰ পিছত চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িছে। আন অৰ্থত ইয়াৰ এটা যোগাত্মক দিশ হৈছে যে পূৰ্বৰ অশৰীৰী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্মূল কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে বিষয়া সকলক উদ্দেশ্যি কয় যে শিক্ষা বিভাগক শিক্ষাসেতু এপৰ জৰিয়তে Digitization কৰি ৪৮ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এক চাইবাৰ হাইৱে তৈয়াৰ কৰা হৈছে। তেওঁ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক শিক্ষা বিভাগে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ যেনে শিক্ষা ক্ষেত্ৰ আঁচনি, শিক্ষক ৰেচনেলাইজেশ্বন, বিদ্যালয় একত্ৰীকৰণ, শিক্ষক বদলিকৰণ আদি সমূহ প্ৰচেষ্টাক নিয়াৰিকৈ প্ৰয়োগ কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাত আত্মনিয়োগ কৰিব দিয়ে। তেওঁ আৰু কয় যে এই সমূহ পদক্ষেপ যদি আমি সঠিক ৰূপত আগুৱাই লৈ যাব পাৰো অসমক দেশৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখনীয় ৰাজ্য হিচাপে আমি গঢ়ি তুলিব পাৰিম।আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, সৰ্বশিক্ষাৰ মিচন সঞ্চালক ডাঃ ওম প্ৰকাশ, মাধ্যমিক শিক্ষাৰ সঞ্চালিকা মমতা হোজাই, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা সুৰঞ্জনা সেনাপতিও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.