অসম চৰকাৰৰ শিক্ষা ,ভৈয়াম জনজাতি আৰু অন্যান্য পিছ পৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনতা ভৱনৰ তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত আয়োজিত এক অনুষ্ঠানত অসম লোক সেৱা আয়োগৰ দ্বাৰা বাচনিকৃত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় ১২ গৰাকী সহকাৰী অধ্যাপকক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।উল্লেখযোগ্য যে ইয়াৰে ভিতৰত ইংৰাজী বিভাগৰ ২ গৰাকী,প্রাণী বিজ্ঞানৰ ৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানৰ ১ গৰাকী, ৰাজনীতি বিজ্ঞানৰ ২ গৰাকী,অৰ্থনীতি, বড়ো ,অসমীয়া আৰু পদাৰ্থ বিজ্ঞানৰ ১ এগৰাকীকৈ অধ্যাপকক নিযুক্ত পত্ৰ প্রদান কৰা হয়।মন্ত্ৰী গৰাকীয়ে নৱ নিযুক্ত অধ্যাপক সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোক সকলে নিজ কৰ্মস্থানত দায়িত্ব সহকাৰে আৰু নিয়াৰিকৈ কাম কৰি যাবলৈ কয়।আজিৰ এই অনুষ্ঠানত হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নন,সঞ্চালক ধর্ম কান্ত মিলি প্ৰমুখ্যে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন