শিখ গুৰুৰ শ্বহীদ দিৱস উদযাপন

0 239

IMG-20171125-WA0013

লোকে লোকাৰণ্য হ’ল আজি ধুবুৰী চহৰ। প্ৰতি বছৰৰ দৰে এইবাৰো শিখ নৱম গুৰু টেগ বাহাদুৰ ৩৪২তম শ্বহীদ দিৱস ধুবুৰীৰ প্ৰসিদ্ধ টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰত ২৪ নৱেম্বৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দহ হাজাৰ ভক্তৰ সমাগম হোৱা এই অনুষ্ঠানটো সুচাৰু ৰূপে আৰু শান্তিপূৰ্ণ ভাৱে পৰিচালনা কৰিবলৈ ধুবুৰী জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৰুগৰাকীক ঔৰংজেবে ইছলাম ধৰ্ম গ্ৰহণ নকৰাৰ বাবে দিল্লীত ১৬৭৫ চনৰ ২৪ নৱেম্বৰ তাৰিখে শিৰচ্ছেদ কৰিছিল। তাৰ পাছৰ পৰাই এই দিনটোক শিখ ধৰ্মালম্বী সকলে শ্বহীদ দিৱস হিচাপে পালন কৰে।

IMG-20171125-WA0017

ঐতিহাসিক ধুবুৰী চহৰত গুৰু গৰাকীয়ে কিছুবছৰ অতিবাহিত কৰিছিল আৰু তেখেতৰ স্মৃতি বিজৰিত কিছু সমল ধুবুৰী চহৰত আৰু ধুবুৰীৰ গুৰুদ্বাৰত এতিয়াও সংৰক্ষিত হৈ আছে। ইয়াৰে ভিতৰত এক আপুৰুগীয়া সম্পদ হ’ল ধুবুুৰী গুৰুদ্বাৰত থকা এখন পুথি, তাত গুৰু টেগ বাহাদুৰে নিজ হাতে লিখা এখন পৃষ্ঠাও সন্নিবিষ্ট হৈ আছে। যি পৃথিবীৰ আন কোনো গুৰুদ্বাৰত পোৱা নাযায়। গুৰু গৰাকীৰ এনে বহু স্মৃতি ধুবুৰী চহৰত সিঁচৰিত হৈ আছে যাৰ বাবে শিখ ধৰ্মালম্বী সকলে ধুবুৰীক এক পবিত্ৰ চহৰ হিচাপে গণ্য কৰে।

IMG-20171125-WA0014

এই তিনিদিনীয়া শ্বহীদ দিৱসৰ কাৰ্য্যসূচীৰ মতে যোৱাকালি ভজন, কীৰ্তন পছত আজিৰ বিশেষ কাৰ্য্যসূচী হ’ল নগৰ দৰ্শন। য’ত পবিত্ৰ নগৰীখনক ঝাৰু দি পৰিস্কাৰ কৰাৰ লগতে গুৰুগৰাকীৰ বাণী আৰু মন্ত্ৰ উচ্চাৰণ কৰি লগতে পৰিভ্ৰমন কৰিছে। এই বিশেষ কাৰ্যসূচীত শিখ যুৱক সকলৰ যুদ্ধ কৌশল প্ৰদৰ্শন আছিল এক বিশেষ আকৰ্ষণ।

Leave A Reply

Your email address will not be published.