শিশু সুৰক্ষাৰ বিষয়ক অনুষ্ঠান অনুষ্ঠিত

0 234

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক হাৰত বাল্য বিবাহ হয় ধুবুৰী জিলাত। চৰকাৰী এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰতি দ্বিতীয় ছেকেণ্ডত ধুবুৰী জিলাত বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হয়। এই মন্তব্য সমাজ কল্যাণ বিভাগৰ ‌জিষ্ঞু বৰুৱাৰ। আজি ষ্টাফ কলেজত আয়োজিত ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰমৰ অনুষ্ঠানত তেখেতে এইদৰে কয় যে ১১ খন বিভিন্ন জিলাত চাইল্ড লাইনৰ সেৱা সক্ৰিয় হৈ আছে যদিও ধুবুৰী জিলাত এই সেৱা এতিয়ালৈ উপলব্ধ হোৱা নাই। শিশু স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে ৪ কোটি টকা আগবঢ়াইছে। উল্লেখ্য যে অনুষ্ঠানত  কিদৰে কিশোৰ কিশোৰী সামাজিক নিৰাপত্তা সুৰক্ষিত কৰিব সেই সম্পৰ্কে বিভিন্নজনে বক্তব্য ৰাখে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ইউনিচেফ, শিশু সুৰক্ষা আয়োগ আদিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.