শিৱসাগৰৰ ঐতিহ্যক সংৰক্ষণ কৰিব জিলা প্ৰশাসনে

0 244

ঐতিহাসিক শিৱসাগৰ জিলাৰ পুৰাতাত্বিক স্থান আৰু মূল্যৱান কৃতি চিহ্ন সমূহৰ সংৰক্ষণৰ বাবে ৰাজ্যৰ পুৰাতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ উদ্দেশ্যে উপায়ুক্তই পুৰাতত্ব সঞ্চালিকা দীপিৰেখা কোলী সৈতে  এখন সভাত মিলিত হয়|উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত আয়োজিত এই সভাত ভালেসংখ্যক সচেতন নাগৰিক , স্থানীয় মহাবিদ্যালয় সমূহৰ প্ৰবক্তা, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু চক্ৰ বিষয়া সকল উপস্থিত থাকে|সভাত পুৰাতত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা ২০১৩-২০১৪ চনৰ পৰা ২০১৭-২০১৮ চনলৈ জিলাখনৰ পুৰাতাত্বিক স্থান সমূহ আৰু ঐতিহাসিক কৃতি চিহ্ন সমূহ সংৰক্ষণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে এক বিস্তৃত খতিয়ান দাঙি ধৰে|জিলা উপায়ুক্তই ঐতিহাসিক স্থান আৰু কৃতি চিহ্ন সমূহৰ নিয়মীয়াভাৱে তত্বাৱধান আৰু সংৰক্ষণৰ দিশত অধিক গুৰুত্ব আৰোপ কৰে| এই সন্দৰ্ভত তেওঁ ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ প্ৰয়োজনৰ বিষয়ে বিশেষভাবে উল্লেখ কৰে|

খবৰ যুগুতালে শিৱসাগৰৰপৰা দিলিস্তান খানে 

Leave A Reply

Your email address will not be published.