শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই শিৱসাগৰৰ উন্নয়নৰ হকে বহুখিনি পদক্ষেপ গ্রহণ কৰিছে।ইয়াৰ অংশস্বৰূপে শিৱসাগৰত মিচন ছউলফুল নামেৰে এক অভিলাষী আঁচনি গ্রহণ কৰিছে।এই সম্পর্কে আয়োজন কৰা এক সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয় যে পখিলা শীর্ষক আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম সকলক এখন বিশেষ মঞ্চ প্ৰদান কৰিছে।শিৱসাগৰৰ বিশেষভাৱে সক্ষম কিশোৰী আখতাৰাৰ পেইণ্টিং কলাক্ষেত্ৰত প্ৰদৰ্শনী কৰিছে।আনহাতে কুঁহি নামৰ আঁচনিৰ জৰিয়তে সদ্য জন্মপ্ৰাপ্ত কন্যা শিশু সকলক দুটাকৈ গছৰ পুলি আৰু মানপত্র প্ৰদান কৰি আহিছে।মৰম নামৰ আঁচনিৰ জৰিয়তে দুখীয়া ল’ৰা ছোৱালীক কাপোৰ প্ৰদান কৰিছে।আৰু অধ্যয়ন নামৰ আঁচনিৰ জৰিয়তে ভ্ৰাম্য পুথিভঁৰাল স্থাপন কৰি শিৱসাগৰ নগৰত এক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিছে।ইয়াৰ উপৰিও খেল’ শিৱসাগৰ খেল’ আৰু প্ৰজেক্ট নিৰ্মল আঁচনিৰ জৰিয়তে ক্ৰমে খেলাৰ বাতাবৰণ অনাৰ লগতে প্লাষ্টিকজাত সামগ্রী নিৰ্মূল কৰাৰ অৰ্থে প্লাষ্টিক সংগ্রহৰ নিচিনা অভিলাসী আঁচনি গ্রহণ কৰিছে।ইয়াৰ উপৰিও লক্ষ্য নামৰ আঁচনিৰ জৰিয়তে প্ৰশাসনিক সেৱাৰ লগত জড়িত ছাত্র ছাত্রীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি তেখেতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।উল্লেখযোগ্য যে এই সমগ্র আঁচনি সমূহৰ লগতে শিৱসাগৰৰ পৰ্যটনৰ বিষয়েও অৱগত কৰে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ