শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই শিৱসাগৰৰ উন্নয়নৰ হকে বহুখিনি পদক্ষেপ গ্রহণ কৰিছে।ইয়াৰ অংশস্বৰূপে শিৱসাগৰত মিচন ছউলফুল নামেৰে এক অভিলাষী আঁচনি গ্রহণ কৰিছে।এই সম্পর্কে আয়োজন কৰা এক সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয় যে পখিলা শীর্ষক আঁচনিৰ জৰিয়তে বিশেষভাৱে সক্ষম সকলক এখন বিশেষ মঞ্চ প্ৰদান কৰিছে।শিৱসাগৰৰ বিশেষভাৱে সক্ষম কিশোৰী আখতাৰাৰ পেইণ্টিং কলাক্ষেত্ৰত প্ৰদৰ্শনী কৰিছে।আনহাতে কুঁহি নামৰ আঁচনিৰ জৰিয়তে সদ্য জন্মপ্ৰাপ্ত কন্যা শিশু সকলক দুটাকৈ গছৰ পুলি আৰু মানপত্র প্ৰদান কৰি আহিছে।মৰম নামৰ আঁচনিৰ জৰিয়তে দুখীয়া ল’ৰা ছোৱালীক কাপোৰ প্ৰদান কৰিছে।আৰু অধ্যয়ন নামৰ আঁচনিৰ জৰিয়তে ভ্ৰাম্য পুথিভঁৰাল স্থাপন কৰি শিৱসাগৰ নগৰত এক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিছে।ইয়াৰ উপৰিও খেল’ শিৱসাগৰ খেল’ আৰু প্ৰজেক্ট নিৰ্মল আঁচনিৰ জৰিয়তে ক্ৰমে খেলাৰ বাতাবৰণ অনাৰ লগতে প্লাষ্টিকজাত সামগ্রী নিৰ্মূল কৰাৰ অৰ্থে প্লাষ্টিক সংগ্রহৰ নিচিনা অভিলাসী আঁচনি গ্রহণ কৰিছে।ইয়াৰ উপৰিও লক্ষ্য নামৰ আঁচনিৰ জৰিয়তে প্ৰশাসনিক সেৱাৰ লগত জড়িত ছাত্র ছাত্রীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি তেখেতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।উল্লেখযোগ্য যে এই সমগ্র আঁচনি সমূহৰ লগতে শিৱসাগৰৰ পৰ্যটনৰ বিষয়েও অৱগত কৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন